ETV Bharat / bharat

অনুচ্ছেদ 370 অস্থায়ীঃ সংবিধান বিশেষজ্ঞ সুভাষ কাশ্যপ - অনুচ্ছেদ 368

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনুচ্ছেদ 370ক অস্থায়ী বুলি কয় সংবিধান বিশেষজ্ঞ সুভাষ কাশ্যপে ৷ তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, সংবিধানৰ 370 অনুচ্ছেদৰ দ্বিতীয় আৰু তৃতীয় দফাহে প্ৰত্যাহাৰ কৰা হ'ব ৷ দফা 1 আগৰ দৰেই অক্ষুন্ন থাকিব ৷

সংবিধান বিশেষজ্ঞ সুভাষ কাশ্যপ
author img

By

Published : Aug 5, 2019, 5:04 PM IST

নিউজ ডেস্ক, 5 আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত অনুচ্ছেদ 370ৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ উত্থাপন কৰাৰ পিচতেই বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশেষ অৱলোকন আগবঢ়ায় সংবিধান বিশেষজ্ঞ সুভাষ কাশ্যপে ৷

সংবিধান বিশেষজ্ঞ সুভাষ কাশ্যপ

সুভাষ কাশ্যপে কয় যে,অনুচ্ছেদ 370 প্ৰকৃতিগত ফালৰ পৰা অস্থায়ী ৷ ভাৰতীয় সংবিধানৰ 21খণ্ডত তিনিটা দফা আছে,অস্থায়ী,ৰূপান্তৰিত আৰু বিশেষ দফা ৷ সেইফালৰ পৰা অনুচ্ছেদ 370 অস্থায়ী আৰু ই কোনো বিশেষ দফাৰ অন্তৰ্গত নহয় আৰু কাশ্মীৰক কোনোধৰণৰ বিশেষ ক্ষমতা প্ৰদান নকৰে ৷ সেয়েহে চৰকাৰে যেতিয়াই বিচাৰে তেতিয়াই ইয়াক সংশোধন কৰিব পাৰে ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰা হ'ব বুলি কোৱাটো ভুল কোৱা হ'ব কিয়নো ইয়াৰ দফা 2 আৰু 3হে প্ৰত্যাহাৰ কৰা হ'ব,দফা 1 একেদৰেই থাকিব ৷ দফা 1 অনুসৰি,সংবিধানৰ আন সকলো ভাগ যিসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই সেইসমূহ জম্মু কাশ্মীৰ চৰকাৰৰ সহমতত অন্তৰ্ভূক্ত হ'ব ৷ তেওঁ লগতে কয় যে,সংবিধানৰ অনুচ্ছেদ 368 অনুসৰি ভাৰতীয় সংবিধানৰ প্ৰতিটো অনুচ্ছেদেই সংশোধনৰ উপযোগী ৷ অনুচ্ছেদ 370ৰ কোনো পৰিৱৰ্তন নকৰাকৈ জম্মু চৰকাৰৰ সহমতত অনুচ্ছেদ 35(A)ও বাতিল কৰিব পাৰিব সদনে ৷

Intro:Body:

Blank

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.