ETV Bharat / bharat

অনুচ্ছেদ 370 ভাৰতৰ আভ্যন্তৰীণ বিষয়, সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমি লগত আছোঃ ইউৰোপীয় সাংসদ দল

author img

By

Published : Oct 31, 2019, 12:24 AM IST

কাশ্মীৰত উপস্থিত হোৱা 23 জনীয়া ইউৰোপীয় সাংসদৰ দলে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰা সিদ্ধান্তক সমৰ্থন কৰে ৷ তেঁওলোকে লগতে কাশ্মীৰৰ অস্থিৰতাৰ মূল কাৰণ সন্ত্ৰাসবাদ বুলি অভিহিত কৰে আৰু বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ বুলি দোহাৰে ৷

অনুচ্ছেদ 370 ভাৰতৰ আভ্যন্তৰীণ বিষয়:ইউৰোপীয় সাংসদ দল

নিউজ ডেস্ক, 30 অক্টোবৰঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাটো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰে কাশ্মীৰ ভ্ৰমণলৈ অহা ইউৰোপীয় সাংসদৰ দলটোৱে ৷ বুধবাৰে এই কথা প্ৰকাশ কৰি তেঁওলোকে কয় যে বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এই যুজঁত তেঁওলোকে ভাৰতৰ লগত একমত হৈ থিয় দিব ৷

লগতে পঢ়কঃ শ্বিলঙত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিএচএফ'ৰ বাহন

দুদিনীয়া ভ্ৰমণৰ দ্বিতীয় দিনা সংবাদমাধ্যমৰ লোকক সাক্ষাৎ কৰে দলটোৱে ৷ মঙলবাৰে সন্ত্ৰাসবাদীয়ে পশ্চিমবংগৰ শ্ৰমিকৰ ওপৰত চলোৱা অক্ৰমণক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে সাংসদৰ দলটোৱে ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত পথ দুৰ্ঘটনা: নিহত 8, আহত 2

তেঁওলোকে কয় যে সন্ত্ৰাসবাদে এখন দেশক ধ্বংস কৰি দিব পাৰে ৷ আফগানিস্তান আৰু ছিৰিয়া ইয়াৰ উদাহৰণ বুলি উল্লেখ কৰে ইউৰোপীয় সাংসদৰ দলটোৱে ৷ উল্লেখযোগ্য যে, দলটোত প্ৰথম অৱস্থাত 27 জন সদস্য আছিল যদিও ইয়াৰে চাৰি গৰাকীয়ে কাশ্মীৰলৈ যাবলৈ অসন্মতি আগবঢ়োৱাত তেঁওলোক নিজ নিজ দেশলৈ উভতি যায় ৷ সোমবাৰে দলটো দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত মিলিত হয় ৷ মঙলবাৰে তেঁওলোকে কাশ্মীৰলৈ ৰাওনা হয় ৷ কাশ্মীৰ ভ্ৰমণলৈ যোৱাৰ আগত প্ৰধানমন্ত্ৰী মোডীয়ে এই ভ্ৰমণ ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰে ৷

Intro:Body:

Article 370 internal issue stand by India in fight against terrorism 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.