নেশ্যনেল ডেস্ক, 17 অক্টোবৰ : শুকুৰবাৰে ভাৰতীয় সেনা বাহিনীয়ে প্ৰকাশ কৰিছে সন্ত্ৰাসবাদীৰ আত্মসমৰ্পনৰ এক ভিডিঅ' ৷ সন্ত্ৰাসবাদী সংগঠনত নতুনকৈ নিযুক্তি লাভ কৰা এজন যুৱকে সামৰিক বাহিনীৰ হাতত AK-47 ৰাইফলৰ সৈতে আত্মসমৰ্পন কৰা ভিডিঅ'টোত দেখা গৈছে ৷ আত্মসমৰ্পনকাৰী যুৱকজনে কিছুদিন পূৰ্বে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল বুলি তথ্যত প্ৰকাশ ৷
জাহাংগীৰ ভট্ট বুলি চিনাক্ত কৰা সন্ত্ৰাসবাদীজনক এজন সেনা বাহিনীৰ জোৱানে আত্মসমৰ্পন কৰিবলৈ উৎসাহ যোগোৱা ভিডিঅ'টোত দেখা গৈছে ৷ ইয়াৰে পাচতে জোৱানজনে তেওঁক আক্ৰমণ কৰা নহয় বুলি নিশ্চিতি প্ৰদান কৰাত সন্ত্ৰাসবাদীজনে সেনা জোৱানজনৰ ওচৰলৈ আগবাঢ়ি আহে ৷
কেৱল ট্ৰাউজাৰ পৰিধান কৰি থকা সন্ত্ৰাসবাদীজনক আশ্বাস দিয়াৰ পাচতে জোৱানজনৰ কথাত বিশ্বাস কৰি আত্মসমৰ্পনৰ বাবে আগবাঢ়ি আহে ৷ ভিডিঅ'টোত সেনা জোৱানজনে কয়,"পুত্ৰ,তোমাৰ লগত একো বেয়া নহয় ৷"
এই ঘটনাৰ পাচতে আত্মসমৰ্পনকাৰী যুৱকজনৰ ঘনিষ্ঠ এজন লোকে সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে ৷ অৱশেষত জোৱানজনে যুৱকজনৰ আত্মীয়ক কয়, "তেওঁক পুনৰ সন্ত্ৰাসবাদীৰ হাতলৈ যাবলৈ নিদিব ৷"
এই সম্পৰ্কত সেনা বাহিনীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে,চদুৰাৰ পৰা জাহাংগীৰ আহমেদ ভট্ট নামৰ যুৱকজন নিৰুদ্দেশ হৈছিল ৷ তেওঁক সমগ্ৰ পৰিয়ালে বিচাৰি ফুৰিছিল ৷ পৰৱৰ্তী সময়ত এক যুটীয়া অভিযানত যুৱকজনৰ সন্ধান লাভ কৰা হয় ৷ প্ৰট'কল অনুসৰি,যুৱকজনক আত্মসমৰ্পন কৰোৱাবলৈ ভাৰতীয় সেনা সফল হয় ৷
সেনাৰ মুখপাত্ৰ কৰ্নেল ৰাজেশ কালিয়াই ইটিভি ভাৰতক ফোনযোগে জানিবলৈ দিয়ে, "সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযানত আত্মসমৰ্পন কৰা এয়া এক বিৰল ঘটনা ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযানত ভাৰতীয় সেনাই সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছে ৷ সেনা বাহিনীৰ প্ৰচেষ্টাৰ এয়া এক সৰু উদাহৰণ ৷"
লগতে পঢ়ক : পিলিভিটত ভয়ংকৰ পথ দুৰ্ঘটনা : মৃতকৰ সংখ্যা 9 লৈ বৃদ্ধি