নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মহামাৰী COVID-19 প্ৰতিৰোধ কৰাৰ বাবে দিল্লীত স্থাপন কৰা নৰেলা কোৱোৰেন্টাইন কেন্দ্ৰত নিয়োজিত সেনা বাহিনীৰ চিকিৎসক আৰু নাৰ্ছ । কেন্দ্ৰটোত পূৰ্বৰ পৰা থকা চিকিৎসা কৰ্মীলকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে নিয়োজিত কৰা হয় সেনা বাহিনীৰ চিকিৎসক,নাৰ্ছ । দিল্লী চৰকাৰে মাৰ্চৰ মাহৰ মাজভাগত স্থাপন কৰা কেন্দ্ৰটো দেশত স্থাপন কৰা কোৱোৰেন্টাইন কেন্দ্ৰ সমূহৰ ভিতৰত ডাঙৰ হিচাপে পৰিগণিত হৈছে ।
কেন্দ্ৰটোত প্ৰথম অৱস্থাত প্ৰবাসী ভাৰতীয় তথা বিদেশী পৰ্যটক ২৫০ জন নাগৰিকক কোৱোৰেন্টাইন কৰি ৰখা হৈছিল । কিন্তু পাচত নিজামুদ্দিন মাৰ্কজত অংশ গ্ৰহণ কৰা প্ৰায় ১,০০০ ৰো অধিক নাগৰিকক ৰখা হয় ।
নৰেলা কোৱোৰেন্টাইন কেন্দ্ৰত বিগত ১ এপ্ৰিল ২০২০ৰ পৰা সেনা বাহিনীৰ চিকিৎসক আৰু নাৰ্ছৰ এটা টীমে ৰোগীসকলৰ লগতে প্ৰশাসনক সহায় কৰি আহিছে ।
কেন্দ্ৰটোত পূৰ্বৰ পৰা থকা চিকিৎসক আৰু নাৰ্ছ তথা চিকিৎসা কৰ্মীসকলে দিল্লী চৰকাৰক আহ্বান জনাই যে,পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ তেখেতসকলক কিছু পৰিমাণে সকাহ দিব লাগে। আনহাতে,সেনা বাহিনীৰ দলটোত মুঠ ৪০ জন চিকিৎসাকৰ্মী কৰ্মী নিয়োজিত হৈ আছে । তাৰ ভিতৰত ১৮ জন পেৰামেডিকেল ষ্টাফৰ সহিতে ৬ জন চিকিৎসক আছে ।
কেন্দ্ৰটোত বৰ্তমান নিজামুদ্দিন মাৰ্কাজৰ ৯৩২ জন সদস্যক ৰখা হৈছে । য'ত ৩৬৭ জন লোক COVID-19ত আক্ৰান্ত।
লগতে চাওকঃ লক ডাউন 2.0 : ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতা