নিউজ ডেস্ক, 7 আগষ্ট : অৰুণাচল আৰু ছিক্কিম ছেক্টৰত স্থলসেনাৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে তেজপুৰস্থিত ভাৰতীয় স্থলসেনাৰ গজৰাজ ক'ৰত উপস্থিত হয় স্থলসেনা প্ৰধান জেন মনোজ মুকুন্দ নাৰাৱানে ৷ তেজপুৰস্থিত চতুৰ্থ ক'ৰৰ মুখ্যালয়ত উপস্থিত হৈয়ে স্থলসেনা প্ৰধানগৰাকীয়ে সামৰিক বিষয়াসকলক চীনৰ গতি-বিধিত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷
জেন. নাৰাৱানেক স্থলসেনাৰ স্থিতি সন্দৰ্ভে বিতং ব্যাখ্যা প্ৰদান কৰে সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ লেফ. জেন. অনিল চৌহানে ৷ লেফ. জেন. চৌহানে জেন. নাৰাৱানেক সেনাৰ স্থিতিৰ লগতে বিষয়া তথা জোৱানসকলৰ উপৰিও অস্ত্ৰ-শস্ত্ৰ তথা কাৰ্যনীতিৰ বিষয়ে অৱগত কৰায় ৷
বায়ুসেনাৰ বিশেষ বিমানেৰে তেজপুৰত উপস্থিত হোৱা স্থলসেনাপ্ৰধানগৰাকীক গজৰাজ ক'ৰত সামৰিক সন্মান প্ৰদান কৰে সেনাৰ জোৱানসকলে ৷ এই ভ্ৰমণৰ পিচতেই শুকুৰবাৰে বিশেষ বিমানেৰে স্থলসেনাৰ লক্ষ্নৌস্থিত চেন্ট্ৰেল কামাণ্ড ভ্ৰমণ কৰিব স্থলসেনাপ্ৰধানগৰাকীয়ে ৷
লগতে পঢ়কঃ NCC ডি টি এৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ দায়িত্বত অনন্ত ভূঞা