নিউজ ডেস্ক, 23 জুন : ছাউথ ব্লকত সেনাৰ কামাণ্ডাৰ আলোচনাৰ অন্তৰ পিচতেই মঙলবাৰে বিয়লিৰ ভাগত স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে মিলিটাৰী বিমানত উঠি লাডাখলৈ বুলি ৰাওনা হয় ৷
এক সূত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, "স্থলসেনা প্ৰধানে তিনিটা বিষয়- 15 জুনত সংঘটিত ঘটনাৰ পিচৰ পৰিস্থিতি বুজ লোৱা, সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ আৰু সেনাৰ সৈতে আলোচনা কৰাৰ উদ্দেশ্য এই ভ্ৰমণ কাৰ্যসূচীত গৈছে ৷ লাডাখত সেনাধ্যক্ষগৰাকীয়ে, পূৱ লাডাখত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিক লৈ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আৰ্মী কামাণ্ডাৰ কনফাৰেন্সৰ সিদ্ধান্তসমূহ সেনাৰ দলসমূহৰ আগত অৱগত কৰাব ৷
ইতিমধ্যেই ভাৰতীয় স্থলসেনাকে ধৰি নৌ-সেনা আৰু বায়ুসেনাই চীনৰ আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি, ভূ-ভাগ, আকাশ আৰু সাগৰত নিজৰ গতিবিধি বৃদ্ধি কৰাৰ লগতে হাই এলাৰ্টত আছে ৷ একেসময়তে বিগত সোমবাৰে পূব লাডাখৰ সীমান্তৱৰ্তী মলডোত চীনা সৈন্যৰ এখন নিৰীক্ষণ চকীত লেফ. জেন. পৰ্যায়ৰ সেনা বিষয়াৰ মাজত এখন আলোচনা 11 ঘন্টা ধৰি অনুষ্ঠিত হৈ যায় আৰু এতিয়াও ই অব্যাহত আছে ৷
দীৰ্ঘসময় ধৰি বৰ্তি থকা এই আলোচনাই 6 জুনত অনুষ্ঠিত হৈ যোৱা আলোচনাৰ দৰেই, সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া, সেনাৰ মোতায়েন প্ৰত্যাহাৰ আৰু শেহতীয়াকৈ অঞ্চলটোত ঘটি থকা ঘটনাৱলীৰ ওপৰতে আচল পৰীক্ষাৰ দৰেই একেই থাকে ৷
এক সকাৰাত্মক দিশৰ মাজেৰে সেনাৰ এক সূত্ৰই মঙলাবাৰে কয় যে, "আলোচনাত দুয়োপক্ষৰ মাজত সেনা প্ৰত্যাহাৰৰ বিষয়ে উত্থাপন কৰা হৈছে ৷ ইয়াৰ বাবে দুয়োপক্ষৰ সেনা পূৱ লাডাখৰ পৰা প্ৰত্যাহাৰ কৰাক লৈ আলোচনা হৈছে আৰু শীঘ্ৰেই বিবাদিত স্থানৰ পৰা দুয়ো দেশৰ সেনাই আঁতৰি আহিব ৷"
সেনাৰ মাজত দীৰ্ঘসময় ধৰি অনুষ্ঠিত হোৱা আলোচনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ এগৰাকী শীৰ্ষ সেনাৰ সূত্ৰই কয় যে, চীন আৰু ভাৰতৰ মাজৰ সীমান্ত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত পাঁচটা আলোচনাচক্ৰ স্থলীত অনুষ্ঠিত হোৱা মিটিংসমূহ সাধাৰণতে দীঘলীয়াই হয় ৷ এই আলোচনাত প্ৰতিটো দিশেই চাৰিবাৰকৈ উত্থাপন কৰা হয় ৷ দুয়োপক্ষৰ চাৰিগৰাকীকৈ অনুবাদকে প্ৰশ্নসমূহৰ লগতে ইয়াৰ উত্তৰসমূহ প্ৰদান কৰে ৷ ইয়াৰ উপৰিও সেনাৰ নিয়মাৱলীসমূহ থাকেই ৷ সাধাৰণতে সমাধান নোহোৱা সীমান্তৰ বিষয়সমূহৰ লগতে তহলদাৰী দলে সততে হৈ থকা মুখামুখিকে ধৰি আন বহুটো বিষয় ইয়াত আলোচনা কৰা হয় ৷ যাৰ বাবেই ভাৰত-চীন সেনাৰ এইসমূহ আলোচনাত কিছু সময় লাগে ৷
উল্লেখ্য যে, অনাংকিত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বাবে ভাৰত-চীন সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি মীমাংসা কৰিবলৈ স্থানীয় সেনা কামাণ্ডাৰসকলে পাঁচটাকৈ স্থানত নিয়মীয়াভাৱে আলোচনাত মিলিত হয় ৷ ভাৰতৰ এই পাঁচটা স্থান হৈছে, চছুল, ডৌলত বেগ অল্ডি, নাথু-লা, বুম-লা আৰু কিবিথু ৷
এই মুহূৰ্তত বিশ্বৰ দুটা আগশাৰীৰ সেনাই গালৱান ভেলী, পাংগং ছ আৰু হট স্প্ৰীঙকে ধৰি কেতবোৰ স্থানত শেহতীয়াকৈ সমুখ সমৰত মিলিত হৈছে ৷ কিন্তু 6 জুনৰ পৰা 22 জুনলৈ এই 16টা উত্থান-পতনেৰে ভৰা দিনত, যাৰ ভিতৰত 15 জুনত চীনৰ পিএলএৰ দ্বাৰা সংঘটিত হিংসাত্মক আক্ৰমণত এগৰাকী কৰ্ণেলকে ধৰি ভাৰতীয় সেনাই 20জনকৈ জোৱান হেৰুওৱাৰ পিচটো দুয়োটা সেনাই বৃহৎ এক অঘটনৰ পৰা আঁতৰি থাকে ৷ এতিয়ালৈকে ভাৰতীয় সৈন্যৰ শ্বহীদৰ সংখ্যা জানিব পৰা গৈছে আৰু ৰাজহুৱা কৰা হৈছে যদিও চীনৰ পিএলএৰ এই সংখ্যা ৰাজহুৱা কৰা নাই আৰু তেওঁলোকে প্ৰকৃত সংখ্য়া এতিয়ালৈকে প্ৰকাশ কৰা নাই ৷
ইতিমধ্যে ভাৰতীয় স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে চীনা সৈন্যৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ লেহৰ মিলিটাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ভাৰতীয় সৈনিকসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷
লগতে পঢ়কঃ গালৱান ভেলী সংঘৰ্ষৰ পিচতেই ভাৰত-চীন সীমান্তত 32টাকৈ পথ প্ৰকল্পৰ কামত ক্ষীপ্ৰতা