ETV Bharat / bharat

সৈন্য বাহনীয়ে নিজকে ৰাজনীতিৰ পৰা আঁতৰত ৰাখেঃ চিডিএছ বিপিন ৰাৱাট

সৈন্য বাহিনী ৰাজনীতিৰ পৰা আঁতৰত বুলি মন্তব্য কৰে জেন. বিপিন ৰাৱাটে ৷ বুধবাৰে ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে জেন. বিপিন ৰাৱটে ৷

চীফ অৱ ডিফেন্স ষ্টাফ
চিডিএছ জেন. বিপিন ৰাৱাট
author img

By

Published : Jan 1, 2020, 5:13 PM IST

নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ বুধবাৰে ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে জেন. বিপিন ৰাৱটে ৷ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক শ্ৰদ্ধাঞ্জলী জনোৱাৰ পাচতে কাৰ্যালয়ত নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৰাৱাটে ৷

উল্লেখ্য যে, ছাউথ ব্লকত জেনেৰেল ৰাৱাটে নিজৰ কাৰ্যালয় থাকিব ৷ 30 ডিচেম্বৰৰ দিনা ভাৰতীয় সেনা প্ৰধান হিচাপে অৱসৰ লোৱাৰ পাচতে তেওঁ ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্বগ্ৰহণ কৰে ৷ স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ প্ৰগতিৰ লক্ষ্যৰে তেওঁক এই গুৰুদায়িত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰ জৰিয়তে ভাৰতৰ সামৰিক বাহিনীক সৱল কৰি তোলাৰ প্ৰচেষ্টা কৰা হ'ব ৷

ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকত চিডিএছ বিপিন ৰাৱাট

তিনি বছৰৰ বাবে সেনা প্ৰধান হিচাপে দায়িত্ব পালন কৰা ৰাৱাটে তেওঁৰ কাৰ্যকালত 1.3 মিলিয়ন সৈন্যযুক্ত শক্তিশালী ভাৰতীয় স্থলসেনাক দৃঢ় কৰি তোলাত গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছিল ৷ ইয়াৰোপৰি, জম্মু-কাশ্মীৰৰ সীমান্তত সন্ত্ৰাসবাদ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁৰ বহু অৰিহনা আছে ৷

চিডিএছ জেন. বিপিন ৰাৱাট

চৰকাৰে অৱসৰৰ বয়সসীমা 65 বছৰ ধাৰ্য কৰাৰ পাচতে তেওঁ তিনি বছৰ পৰ্যন্ত চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্বভাৰ পালন কৰিব পাৰিব ৷ এক সংবাদমেল সম্বোধন কৰি ৰাৱাটে কয়, "আমি ৰাজনীতিৰ পৰা নিজক আঁতৰাই ৰাখো ৷ চৰকাৰৰ নিৰ্দেশমতেহে আমি দায়িত্ব পালন কৰো ৷" ৰাৱাটে কয় যে, তেওঁৰ লক্ষ্য হ'ব তিনিওটা বিভাগৰ সৰ্বাত্মক বিকাশ আৰু তিনিওটা বিভাগত প্ৰদান কৰা সম্পদৰ সঠিক ব্যৱহাৰ ৷

আৰু পঢ়ক : ভাৰতীয় সৈন্যই চীন সীমান্তৰ ওপৰতো নজৰ ৰাখিব: সেনা প্ৰধান

Intro:Body:

Bipin Rawat to take charge as India's first CDS

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.