নিউজ ডেস্ক, ১৫ জুন : দেশবাসীক হতচকিত কৰি দেওবাৰে মুম্বাইৰ নিজ বাসগৃহত আত্মহত্যা কৰা জনপ্ৰিয় আৰু প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে অভিনেতা অৰ্জুন কাপুৰৰ কিছুদিন পূৰ্বে কথোপকথন হোৱাৰ কথা জানিবলৈ দিয়ে অৰ্জুন কাপুৰে ।
অভিনেতা অৰ্জুন কাপুৰে জনোৱা অনুসৰি, ২০১৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অৰ্জুন কাপুৰ সুশান্তৰ ঘৰলৈ গৈছিল আৰু অভিনেতা জনৰ কেডাৰনাথ বোলছৱিখনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছিল আৰু ২০১৯ চনত মুক্তি পাবলগীয়া সোনচিৰিয়া ছবিখনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছিল ।
অভিনেতা অৰ্জুন কাপুৰে ইনষ্টাগ্ৰামত এটা পোষ্ট চেয়াৰ কৰিছিল য'ত অভিনেতা গৰাকীৰ সৈতে অৰ্জুন কাপুৰৰ এখন ফটো পোৱা গৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
পোষ্টৰ লগতে অভিনেতা গৰাকীয়ে আকৌ লিখিছে যে , ১৮ মাহ পূৰ্বে যেতিয়া অভিনেতাজনৰ কেডাৰনাথ ছবিখনে মুক্তি লাভ কৰিছিল তেতিয়া অভিনেতাজনে নিজৰ মাতৃক মনত পেলাই এটা পোষ্ট চেয়াৰ কৰিছিল ।
লগতে অভিনেতা গৰাকীয়ে আকৌ জনাই যে, সুশান্ত মোৰ বহুত ঘনিষ্ঠ বন্ধু আছিল । মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো যে, সুশান্ত য'তে আছেই শান্তিত থাকক ।
লগতে পঢ়ক : তিৰুভনন্তপুৰমত পথ দুৰ্ঘটনা, নিহত ৩