ETV Bharat / bharat

বহিঃৰাজ্যত আৱদ্ধ নাগৰিকক ঘূৰাই আনিবলৈ সাজু অন্ধ্ৰ প্ৰদেশ

author img

By

Published : May 3, 2020, 4:09 PM IST

বহিৰাগত শ্ৰমিকৰ আহ-যাহ আৰু বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা লোকসকলৰ গতি-বিধি সুচল কৰি তোলাৰ উদ্দেশ্যে বিশেষ আলোচনাত মিলিত হয় অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডী । ৰাজ্যখনৰ উচ্চ প্ৰশাসনিক বিষয়াসকলৰ সৈতে শনিবাৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

বহিঃৰাজ্যত আৱদ্ধ নাগৰিকক ঘুৰাই আনিবলৈ সাজু অন্ধ্ৰ প্ৰদেশ

নিউজ ডেস্ক, ৩ মে' : বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অন্ধ্ৰ প্ৰদেশৰ বহুসংখ্যক লোকক নিজ গৃহলৈ উভতাই আনিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডীয়ে শনিবাৰে এইসন্দৰ্ভত সংশ্লিষ্ট বিভাগক আছুতীয়া কক্ষ সাজু কৰি তুলিবলৈ নিৰ্দেশনা জাৰী কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে । বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক, শিক্ষাৰ্থী, পৰ্যটক আৰু অন্যান্যসকলক ওভোটাই আনিবলৈ সিদ্ধান্ত লয় অন্ধ্ৰ প্ৰদেশ চৰকাৰে । কেন্দ্ৰীয় গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত সকলোবোৰ দিশ চালি-জাৰি চাই এইসকল আৱদ্ধ হৈ থকা লোকক উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব ।

এই আলোচনাত স্বাস্থ্য়মন্ত্ৰী একেকে শ্ৰীনিৱাস, কৃষিমন্ত্ৰী কে কান্না বাবু, মুখ্য সচিব নীলম চাউহানে তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে । এই আলোচনাতে গাঁও সচিবালয়সমূহত ১০-১৫খনকৈ বিচনা সাজু কৰিবলৈ কোৱা হৈছে । পঞ্চায়তীৰাজ আৰু অংগনৱাডী কেন্দ্ৰই গাঁৱসমূহত আছুতীয়া কক্ষ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও ৰাজ্যিক পৰিৱহণ নিগমৰ প্ৰায় ৫০০ বাছ সামগ্ৰী তথা মানুহ কঢ়িয়াবলৈ সাজু থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয় ।

লগতে পঢ়কঃ ভাৰতত COVID-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.