ETV Bharat / bharat

পুত্ৰৰ নাম এনআৰচিত প্ৰকাশ নোপোৱাত চিন্তিত এজন

author img

By

Published : Aug 31, 2019, 9:01 PM IST

গুৱাহাটী নিবাসী কানৰুল ইছলাম নামৰ এজন লোকৰ পুত্ৰই এনআৰচিত স্থান লাভ নকৰাৰ পাছতে পৰিয়ালটোত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, যিসকলে এনআৰচিত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই সেইসকলে বিদেশী ন্যায়াধিকৰণৰ ওচৰত 120 দিনৰ ভিতৰত আবেদনৰ সুযোগ লাভ কৰিব ৷

পুত্ৰৰ নাম এনআৰচিত প্ৰকাশ নোপোৱাত চিন্তিত এজন

নেশ্বনেল ডেস্ক, 31 আগষ্ট : গুৱাহাটী নিবাসী কানৰুল ইছলাম নামৰ এজন লোকৰ পুত্ৰই এনআৰচিত স্থান লাভ নকৰাৰ পাছতে পৰিয়ালটোত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ শনিবাৰে পুৱাৰ ভাগত ৰাজ্যখনত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতে এনেদৰে চিন্তিত হৈ পৰে কানৰুল ইছলাম ৷ এই সম্পৰ্কত ইছলামে মন্তব্য কৰে , "আমাৰ পৰিয়ালটোত চাৰিজন লোক আছে যদিও তিনিজনৰ নামহে অন্তৰ্ভূক্ত হৈছিল ৷ ইয়াৰ পাছতে মোৰ সৰু পুত্ৰৰ নামত এখন জাননী লাভ কৰিলো ৷ প্ৰশাসনে সকলো নথি - পত্ৰ জমা কৰিবলৈ কোৱাৰ পাছতে আমি সকলোবোৰ জমা কৰিছিলো ৷ কিন্তু তেওঁৰ নাম দ্বিতীয় তালিকাত প্ৰকাশ পাব বুলি জনোৱা হৈছিল ৷ দ্বিতীয় তালিকাতো তেওঁৰ নাম অন্তৰ্ভূক্ত কৰা নহ'ল ৷ ইয়াৰ পাছত তিনিবাৰকৈ কাৰ্যালয় ভ্ৰমণ কৰিলো যদিও চূড়ান্ত তালিকাতো প্ৰকাশ নাপালে পুত্ৰৰ নাম ৷"

উল্লেখ্য যে, যিসকলে এনআৰচিত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই সেইসকলে বিদেশী ন্যায়াধিকৰণৰ ওচৰত 120 দিনৰ ভিতৰত আবেদনৰ সুযোগ লাভ কৰিব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.