নিউজ ডেস্ক, ৫ জুলাই : অভিনেতা অনুপম খেৰে শনিবাৰে ছবি “Hum” ৰ চুটিংৰ এখন পুৰণি ফটো ইনষ্ট্ৰাগ্ৰামত আপলোড কৰি পুৰণি স্মৃতি ৰোমন্থন কৰে যত ফটোখনত অভিনেতা গৰাকীৰ লগতে অভিনেতা অমিতাভ বচ্চন আৰু পৰিচালক মুকুল আনন্দক একে লগে দেখা পোৱা গৈছিল । ৬৫ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ফটোখনৰ লগতে এটা পোষ্ট লিখি উল্লেখ কৰিছিল যে, এই ছবিখনে সেই সময়ৰ সকলো কথা মনত পেলাই দিলে ।
ছবিখনৰ পুৰণি মেক আপ মেন বাহাদুৰ সিঙে ফটোখন অভিনেতা গৰাকীক পঠোৱা বুলি উল্লেখ কৰে । ফটোখন দেখাৰ লগে লগে সেই সময়ত কৰা আনন্দৰ লগতে সকলো ঘটনা-পৰিঘটনা মনত পৰা বুলি উল্লেখ কৰে । লগতে সেই সময়ত ম'বাইল, ইন্টাৰনেট অবিহনে সকলোৱে যে একেলগ হৈ কাম কৰিছিল সেয়া উল্লেখ কৰাৰ লগতে পৰিচালক মুকুল আনন্দৰ কথাও উল্লেখ কৰে । ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেতা গৰাকীয়ে, সেই সময়ত অভিনেতা-অভিনেত্ৰীৰ লগত কৰা ৰং-ধেমালিৰ কথাও উল্লেখ কৰিছে ।