ETV Bharat / bharat

আইজলত ড্ৰাগচ বিৰোধী অভিযান - Campaign in Aijal

ড্ৰাগচ সেৱন কৰি 2020 চনত মিজোৰামৰ 50 গৰাকী লোকৰ মৃত্যু হোৱাৰ পাচতে চলিত বৰ্ষৰ 2 জানুৱাৰীৰ পৰা আইজলত ক্ষীপ্ৰ গতিত আৰম্ভ হৈছে ড্ৰাগচ বিৰোধী অভিযান ৷ অসম ৰাইফলছৰ উদ্যোগত আইজল বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত প্ৰথম পৰ্যায়ৰ এক অনুষ্ঠান আয়োজন কৰি ড্ৰাগচ বিৰোধী অভিযান আৰম্ভ কৰা হয় ৷

আইজলত ড্ৰাগচ বিৰোধী অভিযান
আইজলত ড্ৰাগচ বিৰোধী অভিযান
author img

By

Published : Jan 31, 2021, 3:20 PM IST

নেশ্যনেল ডেস্ক,31 জানুৱাৰী: ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 0.7% লোকেই ড্ৰাগচ আসক্ত ৷ তাৰ ভিতৰত সৰ্বাধিক লোক হৈছে মিজোৰামৰ ৷ শেহতীয়াভাৱে এক জৰীপত প্ৰকাশ পোৱা তথ্য মতে, মিজোৰামৰ ৰাজধানী আইজলত সৰ্বাধিক লোকে গ্ৰহণ কৰি আহিছে ড্ৰাগচ ৷ 1984 চনত ড্ৰাগচ সেৱন কৰি ৰাজ্যখনৰ 1630 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ তাৰ ভিতৰত 131 গৰাকীয়ে আছিল মহিলা ৷ পুনৰ 2020 চনটোতে 50 গৰাকী লোকে ড্ৰাগচ আসক্ত হৈ মৃত্যুক সাৱতি লয় ৷ তাৰ মাজতে আইজলত অসম ৰাইফলছৰ উদ্যোগত 'Sentinels of North East' শীৰ্ষক এক অভিযানেৰে চলিত বৰ্ষৰ 2 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে এক ড্ৰাগচ বিৰোধী অভিযান ৷

আইজলত ড্ৰাগচ বিৰোধী অভিযান
আইজলত ড্ৰাগচ বিৰোধী অভিযান

অসম ৰাইফলছৰ উদ্যোগত আইজল বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত প্ৰথম পৰ্যায়ৰ এক অনুষ্ঠান আয়োজন কৰি ড্ৰাগচ বিৰোধী অভিযান আৰম্ভ কৰে । দ্বিতীয়টো পৰ্যায় 2021 চনৰ 15 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হয়, য'ত বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত একাংশ বিশেষ ব্যক্তি আৰু যুৱকসকলৰ দ্বাৰা এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰা হৈছিল ৷ মিজোৰামৰ ভিতৰুৱা অঞ্চলসমূহতো সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ লগতে ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ আঁৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে অসম ৰাইফলছে ৷

লগতে পঢ়ক: হায়দৰাবাদৰ সভাৰ মাজতে অসুস্থ চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.