নেশ্বনেল ডেস্ক, 21 নৱেম্বৰ: নাগৰিৰত্ব সংশোধনী বিধেয়ক সংসদৰ শীতকালীন অধিবেশনত উত্থাপিত হোৱাব বিৰোধিতা কৰি নাগালেণ্ডত আহ্বান জনোৱা হৈছিল 18 ঘণ্টীয়া বন্ধৰ ৷ নৰ্থ ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজিনিয়াচ পি'পল আৰু দা জয়ন্ত কমিটি অন প্ৰিভেঞ্চন অফ ইলিগেল ইমিগ্ৰেন্টচ ইন নাগালেণ্ডে(North East Forum for Indigenous People and the Joint Committee on Prevention of Illegal Immigrants in Nagaland) আহ্বান জনাইছিল এই বন্ধৰ ৷ বুধবাৰে এই বন্ধ শান্তিপূৰ্ণ ভাবে সম্পন্ন হোৱা বুলি জনাই আৰক্ষীয়ে ৷ মঙলবাৰে বিয়লি 6 বজাৰ পৰা বুধবাৰে দুপৰীয়া 12 বজালৈ আহ্বান জনোৱা হৈছিল বন্ধৰ ৷ ৰাজ্যখনৰ কোনো জিলাৰ পৰা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ খবৰ পোৱা নাই বুলি আৰক্ষীয়ে জনাই ৷ বন্ধৰ সময়চোৱাত ৰাজহুৱা যাতায়ত ব্যৱস্থা আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বন্ধ থাকে ৷
![Anti-CAB bandh passes off peacefully in Nagaland](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5123826_cab.jpg)