ETV Bharat / bharat

জনা-নজনা: এসময়ৰ নিচাসক্ত এই গাঁও আজি সম্পূৰ্ণ নিচামুক্ত

এসময়ৰ নিচাসক্ত এই গাঁও আজি সম্পূৰ্ণ নিচামুক্ত ৷ আনকি টিভি চাইয়ো সময় অপব্যয় নকৰে এই গাঁৱৰ লোকে ৷ কিন্তু কেনেকৈ নিচাৰ পৰা পৰিত্ৰাণ পালে এই গাঁৱৰ লোকে ? জানেনে ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Oct 22, 2020, 7:13 PM IST

নিউজ ডেস্ক, 22 অক্টোবৰ: বদনামী হৈ গৈছিল ৷ সকলোৱে কৈছিল মাতাল আৰু জুৱাৰীৰ গাঁও বুলি ৷ এগৰাকী লোকে কিন্তু সলনি কৰি দিলে সকলো ৷ উত্তৰ কেৰালাৰ "মাতাল গাঁও" মাৰোত্তিচাল ক্ৰমে বিখ্যাত হৈ পৰিল "দবা গাঁও" হিচাপে ৷ এতিয়া ঘৰে ঘৰে দবা খেলা হয় সেই গাঁৱত ৷ ক্লাৱ, দোকান সকলোতে খেলা হয় দবা ৷ যিগৰাকী লোকে সকলোবোৰ সলনি কৰি দিলে তেওঁৰ নাম হ'ল আন্নিকৃষ্ণণ ৷

কম বয়সৰ পৰাই দবাৰ ভক্ত আছিল আন্নিকৃষ্ণণ ৷ গাঁওবাসীকো দবা খেলৰ প্ৰতি ধাৰণা প্ৰদান কৰিছিল আন্নিকৃষ্ণণে ৷ যদিও আৰম্ভণিতে কোনো লোকে তেওঁৰ কথাত খুব এটা গুৰুত্ব দিয়া নাছিল, পিচলৈ ক্ৰমান্বয়ে বহু লোকে আগ্ৰহ প্ৰকাশ কৰে ৷ তাৰ পাচত সমগ্ৰ গাঁওবাসীয়েই সেই খেলৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আন্নিকৃষ্ণণে তেওঁৰ গাঁওখনৰ প্ৰায় 700 গৰাকী লোকক দবা খেলৰ প্ৰশিক্ষণ দিয়ে ৷ তাৰ পাচতেই যেন ঘটে আশ্চৰ্যকৰ ঘটনা ৷

একালত যিসকল লোকে সুপান নকৰাকৈ আৰু জুৱা নেখেলাকৈ থাকিব নোৱাৰিছিল, তেওঁলোকে সেইবোৰ সকলো ত্যাগ কৰে ৷ এতিয়া সেই গাঁৱৰ লোকে দবা নহ'লে থাকিব নোৱাৰে ৷ আন্নিকৃষ্ণণৰ উৎসাহে গাঁৱৰ যুৱক-যুৱতীতো বাদেই বয়স্ক পুৰুষ-মহিলা পৰ্যন্ত দবা খেলুৱৈ হিচাপে গঢ় লৈ উঠে ৷ প্ৰায় 6 হাজাৰ জনবসতিপূৰ্ণ গাঁওখন আজি নিচামুক্ত ৷ জানিলে আচৰিত লাগিব যে, আন্নিকৃষ্ণণৰ গাঁৱৰ লোকে আনকি টিভি পৰ্যন্ত নাচায় ৷ তেওঁলোকে সময়ৰ অপব্যয় কৰিব নিবিচাৰে ৷ সেই সময়খিনিত এবাৰ দবা খেলাটোকেই প্ৰাধান্য দিয়ে তেওঁলোকে ৷

লগতে পঢ়ক: জনা-নজনা: পৃথিৱীৰ ভিন্ন প্ৰান্তত মৃতদেহ সৎকাৰৰ ভিন্ন নিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.