ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত মালবাহী ৰেল লাইনচ্যুত, তিনিটা দবাত অগ্নিকাণ্ড - অন্ধ্ৰপ্ৰদেশৰ চুৰাৰেড্ডীপালেম

অন্ধ্ৰপ্ৰদেশত তেলৰ টেংকাৰ কঢ়িয়াই নিয়া মালবাহী ৰেল লাইনচ্যুত হোৱাৰ লগতে তিনিটা দবাত অগ্নিকাণ্ড সংঘটিত হয়। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই ঘটনাৰ কাৰণ।

 Andhra Pradesh
Goods train derails, 3 coaches catch fire in Andhra Pradesh
author img

By

Published : Jun 25, 2020, 2:17 PM IST

নিউজ ডেস্ক, ২৫ জুনঃ অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত বৃহস্পতিবাৰে পুৱতি নিশা লাইনচ্যুত হয় এখন মালবাহী ৰেল। তেলৰ টেংকাৰ কঢ়িয়াই নিয়া ৰেলখন লাইনচ্যুত হোৱাৰ লগতে তিনিটা দবাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।

অন্ধ্ৰপ্ৰদেশত মালবাহী ৰেল লাইনচ্যুত, তিনিটা দবাত অগ্নিকাণ্ড

ৰেল বিভাগৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি, নিশা প্ৰায় ১২.০৬ বজাত অন্ধ্ৰপ্ৰদেশৰ চুৰাৰেড্ডীপালেম আৰু টংগুটুৰু ষ্টেচনৰ মাজভাগত সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ খৱৰ লাভ কৰাৰ পাছতেই বিত্ৰাগুণ্টা আৰু বিজয়বাড়া শাখাৰ লোক তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়।

Goods train derails, 3 coaches catch fire in Andhra Pradesh
অন্ধ্ৰপ্ৰদেশত মালবাহী ৰেল লাইনচ্যুত, তিনিটা দবাত অগ্নিকাণ্ড

এই ঘটনাৰ পাছতে সেই লাইনেৰে আহিবলগীয়া ৪ খন ৰেলৰ পথ সলনি কৰা হয় বুলি ৰেল বিভাগে জানিবলৈ দিয়ে। কিন্তু বৰ্তমানলৈকে কি কাৰণে এই ঘটনা সংঘটিত হৈছে সেয়া জানিব পৰা হোৱা নাই।

লগতে চাওকঃ কলা শাখাত অসমৰ ভিতৰতে শীৰ্ষ স্থানত শ্ৰদ্ধা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.