নেশ্যনেল ডেস্ক, 30 অক্টোবৰ : শস্য সংৰক্ষণৰ প্ৰাচীন ব্যৱস্থা- হাগেভু (শস্য সংৰক্ষণৰ বাবে মাটিত গাঁত খন্দা) এতিয়াও গাডাগ জিলাৰ থিম্মাপুৰাত প্ৰচলিত ৷ উত্তৰ কৰ্ণাটকৰ থিম্মাপুৰা গাঁৱত এতিয়াও প্ৰচলিত শস্য সংৰক্ষণৰ এই ব্যৱস্থা ৷
আধুনিকতাৰ প্ৰভাৱত এই প্ৰাচীন প্ৰথা প্ৰায় লুপ্তপ্ৰায় হৈ পৰিছে ৷ থিম্মাপুৰা গাঁৱৰ পশু চিকিৎসালয় আৰু চৰকাৰী বিদ্যালয় চৌহদত প্ৰায় 1.5 ৰ পৰা 2 একৰ অঞ্চলত 450 ৰো অধিক হাগেভু থাকে ৷ বৰ্তমান গাঁওখনত প্ৰায় 250 হাগেভুত হাজাৰোধিক বেগ শস্য সংৰক্ষণ কৰি ৰখা হৈছে ৷
থিম্মাপুৰাত মুঠ ঘৰৰ সংখ্যা 1,500 আৰু জনসংখ্যা হৈছে প্ৰায় 5,000 ৷ গাঁৱৰ ৰাইজে একগোট হৈ খালী ভঁৰালত দুইৰ পৰা তিনিবছৰ ধৰি শস্যবোৰ সংৰক্ষণ কৰে ৷ প্ৰায় 10 ৰ পৰা 30 ফুট দ' সৰু আৰু ডাঙৰ হাগেভু খান্দি প্ৰায় 150 বেগ শস্য পুতি ৰখা হয় ৷
গাঁওখনত প্ৰধানকৈ গোমধান, ঘেঁহু আৰু বাদামৰ খেতি কৰা হয় ৷ শস্যৰ খেতি কৰাৰ লগে লগে হাগেভুত সংৰক্ষণ কৰি ৰখা হয় ৷ থিম্মাপুৰম গাঁওবাসীয়ে কয় যে, কিছু বছৰৰ পাচত সঠিক মূল্য লাভ কৰিলে তেওঁলোকে শস্যবোৰ বিক্ৰী কৰে ৷
পৰম্পৰাগত কৃষিৰ অন্যতম অংশ হাগেভু সমূহক থিম্মাপুৰম গাঁওবাসীয়ে একগোট হৈ সুৰক্ষিত কৰি ৰাখে ৷ শস্যবোৰ হাগেভুত ৰখাৰ পূৰ্বে চাকিৰ ব্যৱহাৰ কৰা হয় ৷ গাঁতৰ ভিতৰত চাকিবোৰ নুমাই যোৱাৰ অৰ্থ হৈছে অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱা ৷ এনে হ'লে স্বাস্থ্যৰ ক্ষতি হোৱাৰ লগতে মৃত্যু পৰ্যন্ত হ'ব পাৰে ৷ আধুনিক যুগত পৰম্পৰাগত প্ৰথাক জীয়াই ৰখাৰ চেষ্টা কৰা থিম্মাপুৰা গাঁওবাসীৰ এই কাৰ্য সঁচাই প্ৰশংসনীয় ৷
লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ জলবায়ু প্ৰভাৱৰ ওপৰত Disaster Arrangementsৰ 578 পৃষ্ঠাযোৰা প্ৰতিবেদন প্ৰকাশ