নেশ্যনেল ডেস্ক,1 জুলাই : বুধবাৰে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব ৷ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷ বৰ্তমানৰ ৰাজ্যপাল লালজী টেণ্ডনৰ অসুস্থতাৰ বাবে পেটেলক এই দায়িত্ব অৰ্পন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
বুধবাৰে বিয়লি 4.30 বজাত মধ্য প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় কুমাৰ মিট্টলৰ উপস্থিতিত ৰাজ ভৱনত আনন্দীবেন পেটেলে শপত গ্ৰহণ কৰিব ৷ তথ্য অনুসৰি, লক্ষ্নৌৰ মেডান্ত হাস্পতালত অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে টেণ্ডন ৷ দেওবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰদান কৰা এক বিবৃতি অনুসৰি, "উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলক মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যথেষ্ট আনন্দিত অনুভৱ কৰিছে ৷ লালজী টেণ্ডনৰ অনুপস্থিতিত তেওঁ মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব ৷"
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে পেটেলে মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
লগতে পঢ়ক : লক্ ডাউনে মোক আত্মনিৰ্ভৰশীল হ'বলৈ শিকালেঃ মাধুৰী দীক্ষিত