নিউজ ডেস্ক, ১৪ জুনঃ অৱশেষত উত্তৰ প্ৰদেশত আৰক্ষীৰ জালত পৰিল ২৫ খন বিদ্যালয়ত একেলগে কৰ্মৰত অনামিকা শুক্লা নামৰ শিক্ষয়ত্ৰীগৰাকী। ৰাজ্যখনৰ মৈনপুৰী অঞ্চলৰ পৰা আম্বেদনগৰ আৰক্ষীয়ে আটক কৰে শিক্ষয়ত্ৰীগৰাকীক। ভুৱা তথ্য দি ২৫ খনকৈ বিদ্যালয়ত কৰ্মৰত দেখুৱাই থকাৰ অভিযোগত আটক কৰে অনামিকা শুক্লাক। কিন্তু আৰক্ষীৰ তদন্তত শিক্ষয়ত্ৰীগৰাকীৰ প্ৰকৃত নাম অংকিতা দেৱী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ৰায়বৰেলিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কৰ্মৰত শিত্ৰয়িত্ৰী অনামিকা শুক্লাই ৰায়বৰেলীৰ উপৰিও ৰাজ্যখনৰ কেইবাখনো অন্য জিলাত কৰ্মৰত বুলি দেখুৱাই মাহিলী দৰমহা লৈ আছিল ।
শিক্ষয়ত্ৰীগৰাকীয়ে এখন-দুখন নহয় প্ৰায় ২৫ খন বিদ্যালয়ত ভুৱা নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছিল । লগতে, তেখেতৰ নাম অনামিকা শুক্লা হয় নে নহয় সেয়াও আছিল ৰহস্যৰ আৱৰ্তত । প্ৰকাশিত বাতৰি অনুসৰি, শিক্ষয়িত্ৰীগৰাকীয়ে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ উপৰিও উত্তৰ প্ৰদেশৰ সাহাৰণপুৰ, আলীগড়, আম্বেডকাৰনগৰ, প্ৰয়াগৰাজ আদিকে ধৰি বহুকেইখন জিলাৰ বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত বুলি দেখুৱাইছিল । আচৰিত কথা এয়াই যে, অনামিকা শুক্লাই সকলো ঠাইতে দিয়া নথি-পত্ৰসমূহ একে আছিল ।
শিক্ষকসকলক ডাটাবেচ বনাই থকা সময়ক পোহৰলৈ আহিছিল এই ঘটনা । মানৱ সেৱা পোৰ্টেলত শিক্ষকৰ ডিজিটেল ডাটাবেচত ব্যক্তিগত ৰেকৰ্ডৰ লগতে পদোন্নতিৰ তাৰিখ আদিৰ আৱশ্যক হৈছিল । এবাৰ এই ৰেকৰ্ড আপলোড হোৱাৰ পাছত অনামিকা শুল্কাৰ একে ব্যক্তিগত তথ্যত মুঠ ২৫ খন বিদ্যালয়ত কৰ্মৰত বুলি পোহৰলৈ আহিছিল ৷ ২৫ খন বিদ্যালয়ত একেলগে কৰ্মৰত অংকিতা দেৱীয়ে ঘৰত বহিয়েই চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ১৩ মাহত মুঠ ১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ।