নিউজ ডেস্ক, ১৪ জুন : কোভিড-১৯ অব্যাহত থকাৰ সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই উত্তৰ-প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰখনক দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি আক্ৰমণ কৰে ।
ৰাজ্যখনৰ চাকৰি নিযুক্তি সন্দৰ্ভত জালিয়াতিৰ কাগজ পত্ৰ ব্যৱহাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত জ্ঞাত থকাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলি নেত্ৰী গৰাকীয়ে অভিযোগ উখাপন কৰে ।
![anamika-shukla-case-priyanka-gandhi-vadra-slams-up-govt-says-it-tolerates-corrupt-practices](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05:21_7611886_240_7611886_1592126867156.png)
কিছুদিন পূৰ্বে অনামিকা শুক্লা নামৰ শিক্ষয়ত্ৰী এগৰাকীয়ে এবছত ২৫ খন স্কুলত কাম কৰা দেখুৱাই বৃহৎ টকা লুন্ঠন কৰা সন্দৰ্ভত চৰকাৰখন নিমাত বুলি নেত্ৰীগৰাকীয়ে অভিযোগ দিয়ে ।
মংগলবাৰে শিক্ষা বিষয়াৰ সন্মুখত শিক্ষয়ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ত নিযুক্তি লাভ কৰাৰ সন্দৰ্ভত জালিয়াতী প্ৰমাণ প্ৰত্ৰ ব্যৱহাৰ কৰিছিল । আনকি, উক্ত গোচৰ সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত আছে । ভুৱা নথি ব্যৱহাৰ কৰাৰ বাবে বহু কেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : বাঘজান কাণ্ড সন্দৰ্ভত দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক