ETV Bharat / bharat

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাজি উলিয়ালে কৰ’ণা পোচাক

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী মুহম্মদ ইব্ৰাহিম খানে সাজি উলিয়াইছে এযোৰ বিশেষ পোচাক, যি পোচাকে আমাক কৰ’ণা ভাইৰাছৰ পৰা সুৰক্ষা প্ৰদান কৰিব ৷

শিক্ষাৰ্থীয়ে সাজি উলিয়ালে কৰ’ণা পোচাক
শিক্ষাৰ্থীয়ে সাজি উলিয়ালে কৰ’ণা পোচাক
author img

By

Published : Apr 6, 2020, 10:17 AM IST

নিউজ ডেস্ক, 6 এপ্ৰিলঃ যিটো সময়ত সমগ্ৰ ভাৰততে চিকিৎসকসকলে ব্যক্তিগত সুৰক্ষা সৰঞ্জাম আৰু পোচাকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে এগৰাকী শিক্ষাৰ্থীয়ে সাজি উলিয়াইছে এযোৰ পোচাক ৷ এই বিশেষ পোচাকযোৰ সাজি উলিয়াইছে দেশৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী মুহম্মদ ইব্ৰাহিম খানে ৷

শিক্ষাৰ্থীয়ে সাজি উলিয়ালে কৰ’ণা পোচাক
শিক্ষাৰ্থীয়ে সাজি উলিয়ালে কৰ’ণা পোচাক

দেশে কোভিড-19ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে আৰু এই যুঁজখনৰ যোদ্ধা হৈছে চিকিৎসাকৰ্মীসকল ৷ কিন্তু এতিয়াও ভাৰতৰ বহু স্থানত সুৰক্ষা কৰ্মীসকলৰ বাবে উপলব্ধ নাই পৰ্যাপ্ত পৰিমানৰ ব্যক্তিগত সুৰক্ষা সাজ-পোচাক তথা সৰঞ্জাম ৷ এনে সময়ত চিকিৎসকসকলে চৰকাৰৰ ওচৰত দাবীও উত্থাপন কৰি আহিছে ৷

শিক্ষাৰ্থীয়ে সাজি উলিয়ালে কৰ’ণা পোচাক

চিকিৎসাকৰ্মীসকলৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ শিক্ষাৰ্থী ইব্ৰাহিম খানে এইদৰে প্ৰস্তুত কৰি উলিয়াইছে এই পোচাকযোৰ ৷ ইব্ৰাহিম খানে প্ৰকাশ কৰা অনুসৰি, তেওঁ স্বাস্থ্যকৰ্মীসকলৰ বাবে non-woven কাপোৰৰ দ্বাৰা মাস্ক সাজি উলিয়াইছে ৷ ইয়াৰ উপৰিও এযোৰ ব্যক্তিগত সুৰক্ষা পোচাকো তৈয়াৰ কৰি উলিয়াইছে শিক্ষাৰ্থীগৰাকীয়ে ৷ শিক্ষাৰ্থীগৰাকীয়ে লগতে কয় যে, "যদিহে প্ৰশাসনে ইয়াক অনুমতি প্ৰদান কৰে তেতিয়াহ’লে বৃহৎহাৰে ইয়াৰ উৎপাদন আৰম্ভ কৰিব পৰা যাব ৷ যিহেতু সমগ্ৰ পশ্চিম উত্তৰ প্ৰদেশৰ লোকসকলৰ পৰীক্ষণ জৱাহৰলাল নেহৰু মেডিকেল কলেজত হৈ আছে, সেয়েহে চিকিৎসকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পোচাকযোৰ সাজি উলিওৱা হৈছে ৷ চৰকাৰে আমাক কেঁচামাল প্ৰদান কৰিলেই আমি উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিম ৷ আমি প্ৰস্তুত কৰি উলিওৱা এই মাস্কৰ দাম 20-25 টকাৰ ভিতৰত থাকিব ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.