ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ সাৰ কাৰখানাত গেছ নিৰ্গত হৈ 2 জনৰ মৃত্যু - উত্তৰ প্ৰদেশৰ সাৰ কাৰখানাত গেছ নিৰ্গত

উত্তৰ প্ৰদেশৰ প্ৰজ্ঞাগজ জিলাৰ ইণ্ডিয়ান ফাৰ্মাছ ফাৰ্টিলাইজাৰ কোঃঅপাৰেটিভ লিমিটেডৰ ফুলপুৰ প্ৰজেক্টত সংঘটিত হৈছে গেছ নিৰ্গত হোৱা ঘটনা ৷ প্ৰকল্পটোত গেছ নিৰ্গত হোৱাৰ ফলত বৰ্তমান সময়লৈকে দুজন লোকৰ মৃত্যু হোৱাৰ লগতে 15 জন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

ammonia-gas-leak-in-iffco-phulpur-plant-in-uttar-pradesh
উত্তৰ প্ৰদেশৰ সাৰ কাৰখানাত গেছ নিৰ্গত হৈ 2 জনৰ মৃত্যু
author img

By

Published : Dec 23, 2020, 11:54 AM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ প্ৰজ্ঞাগজ জিলাৰ ফাৰ্টিলাইজাৰ কোঃঅপাৰেটিভ লিমিটেডৰ ফুলপুৰ প্ৰজেক্টত সংঘটিত হৈছে এক গেছ নিৰ্গত হোৱা ঘটনা ৷ প্ৰকল্পটোত গেছ নিৰ্গত হোৱাৰ ফলত বৰ্তমান সময়লৈকে দুজন লোকৰ মৃত্যু হোৱাৰ লগতে 15 জন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

এই ঘটনা সন্দৰ্ভত প্ৰজ্ঞাগজ জিলাৰ ডিএম ভানু চন্দ্ৰ গোস্বামীয়ে কয়,প্ৰকল্পটোৰ এটা ইউনিত আকস্মিকভাৱে এই গেছ নিৰ্গত হয় আৰু ইতিমধ্যে এই ইউনিটটো বন্ধ কৰি দিয়া হৈছে ৷ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিবলৈ দিছে ডিএম গোস্বামীয়ে ৷

প্ৰকাশ কৰা তথ্য অনুসৰি মৃত্যু হোৱা লোক দুজনৰ নাম আইএফএফচিঅ'ৰ সহকাৰী কাৰ্যবাহী বি পি সিং আৰু উপ-কাৰ্যবাহী বিষয়া অবিন্দন জানিব পৰা গৈছে ৷ ইফালে এই ঘটনাত শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৷

লগতে পঢ়ক:কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.