ETV Bharat / bharat

অমিত শ্বাহলৈ ভুৱা কলঃ 3 কোটি টকা দাবী - অমিত শ্বাহ বাতৰি

অমিত শ্বাহৰ গৃহ আৰু কাৰ্যালয়ৰ লেণ্ডলাইন ফোনত 3 কোটি টকা দাবী কৰি ভুৱা কল কৰাৰ অপৰাধত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ব্যক্তিক ৷ দলীয় পূঁজিৰ বাবে 3 কোটি টকাৰ দাবী কৰিছিল ব্যক্তি দুজনে ৷ পূৰ্বে হাৰিয়ানাৰ শক্তি মন্ত্ৰী ৰঞ্জিত সিং চৌতালাকো এনেদৰে ভুৱা ফোনকল কৰাৰ অভিযোগ উত্থাপন হৈছে ব্যক্তি দুজনৰ বিৰুদ্ধে ৷

অমিত শ্বাহলৈ ভুৱা কল: 3 কোটি টকা দাবী
অমিত শ্বাহলৈ ভুৱা কল: 3 কোটি টকা দাবী
author img

By

Published : Dec 29, 2019, 7:47 PM IST

নেশ্বনেল ডেস্ক, 20 ডিচেম্বৰঃ অমিত শ্বাহৰ গৃহ আৰু কাৰ্যালয়ৰ লেণ্ডলাইন ফোনত 3 কোটি টকা দাবী কৰি ভুৱা কল কৰাৰ অপৰাধত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ব্যক্তিক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি দুজন ক্ৰমে উপকাৰ সিং আৰু জাগতাৰ সিং বুলি জানিব পৰা গৈছে ৷ হাৰিয়ানাৰ শক্তি মন্ত্ৰী ৰঞ্জিত সিং চৌতালাক এটা এপৰ জৰিয়তে ভুৱা ফোনকল কৰাৰ পিছতেই এই কথাষাৰ পোহৰলৈ আহে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ কেইবাটাও নম্বৰৰ পৰা ভুৱা কল গৈছিল অমিত শ্বাহলৈ ৷ পোন প্ৰথমে এজন ব্যক্তিয়ে অমিত শ্বাহৰ কাৰ্যালয় আৰু দ্বিতীয়তো মন্ত্ৰীজনৰ গৃহ কৃষ্ণ মেনন মাৰ্গৰ পৰা কৰা বুলি তেওঁক দলীয় পুঁজিৰ বাবে 3 কোটি টকা দাবী কৰিছিল ৷ পৰৱৰ্তী সময়ত অনুসন্ধান কৰি তেনে কোনো কল শ্বাহৰ কাৰ্যালয়ৰ পৰা নাই যোৱা বুলি গম পায় শ্বাহে তৎকালভাৱে দিল্লী আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷

Etv Bharat Assam
অমিত শ্বাহলৈ ভুৱা কল: 3 কোটি টকা দাবী

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান চলায় ফোন কলটো ভাৰতত নিষিদ্ধ এটা এপৰ জৰিয়তে সেই ভুৱা কলটো মন্ত্ৰী অমিত শ্বাহলৈ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ অপেৰা মিনি ব্ৰাউচাৰৰ পৰা সেই নিষিদ্ধ এপটো ডাউনলোড কৰা হৈছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযুক্ত দুয়োজনক ফোন কৰি হাৰিয়ানা ভৱনৰ সমীপত 3 কোটি টকা সংগ্ৰহ কৰিবলৈ মাতি পঠিওৱাত ঘটনাস্থলীৰ পৰাই গ্ৰেপ্তাৰ হয় জাগতাৰ সিং ৷ অৱশেষত চণ্ডীগড়ত তালাচী চলায় শুক্ৰবাৰে বিয়লি উপকাৰ সিঙকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ প্ৰযুক্তিগত নিৰীক্ষণ আৰু দিল্লী আৰক্ষী বিভাগৰ নিৰীক্ষক ওমেশ বাৰ্থৱাল আৰু নীৰজ কুমাৰৰ নেতৃত্বত অভিযুক্ত দুয়োজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

Amit Shah’s landline ‘spoofed’ to run scam, two arrested

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.