নিউজ ডেস্ক,5 নৱেম্বৰ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম বংগতো চমু চাপি আহিছে 2021ৰ বিধানসভা নিৰ্বাচনত ৷ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ হেতু পশ্চিম বংগৰ বাংকুৰাত উপস্থিত হয় ৷ বাংকুৰাত উপস্থিত হৈ এটি জনজাতীয় সম্প্ৰদায়ৰ সৈতে দুপৰীয়া আহাৰ গ্ৰহণ কৰে ৷ সম্পূৰ্ণ পৰম্পৰাগতভাৱে থাল হিচাপে কলপাতত আৰু ঢাৰিত বহি অন্য লোকসকলৰ সৈতে আহাৰ গ্ৰহণ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷
ইয়াৰ পাচতে তেওঁ জংগলমহল এলেকাত আয়োজন কৰা এখন দলীয় সভাত ভাগ লয় গৃহমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে,দুদিনীয়া কাৰ্যসূচীৰে পশ্চিম বংগত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ ৷
বাংকুৰাত মাওবাদীৰ অধিক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ লগতে বাংকুৰাত ইতিমধ্যেই আছে এগৰাকী বিজেপি সাংসদ ৷ শ্বাহৰ বাংকুৰা পৰিভ্ৰমণৰ আঁৰত এই দুই গুৰুত্বপূৰ্ণ ৰাজনৈতিক কাৰণ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে ৷
পশ্চিমবংগত যিহেতু তৃণমূল কংগ্ৰেছৰ শাসন বৰ্তি আছে, গতিকে বিজেপিয়ে এই মালাধাৰি ছিঙিবলৈ আপ্ৰাণ চেষ্টা চলোৱা দেখা গৈছে ৷ সেয়েহে তৃণমূল কংগ্ৰেছক উৎখাত কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি ৷ আনহাতে পশ্চিম বংগত জনজাতীয় সম্প্ৰদায়ৰ অস্তিস্ব নাই বুলি ক’লেও ভুল কোৱা নহয় ৷
গতিকে ৰাজ্যখনত বিজেপিয়ে জনজাতীয় সম্প্ৰদায়ক ‘টাৰ্গেট’ কৰি লৈছে নেকি? বিজেপিয়ে এই জনজাতীয় সম্প্ৰদায়ক ভোটবেংক হিচাপে ব্যৱহাৰ কৰিব পাৰে নেকি? এনে জল্পনা কল্পনাৰ অন্ত পৰিবলৈ আমি বাট চাব লাগিব পৰৱৰ্তী নিৰ্বাচনী পটভূমিলৈ ৷
লগতে পঢ়ক : বিদ্যালয়ৰ কোঠালিত নিশা কটালে অৰ্ণৱ গোস্বামীয়ে