ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ৰাজনৈতিক বন্দীক শীঘ্ৰেই মুক্তিৰ আশ্বাস অমিত শ্বাহৰ

author img

By

Published : Mar 15, 2020, 7:34 PM IST

জম্মু-কাশ্মীৰৰ ৰাজনৈতিক বন্দীক শীঘ্ৰেই মুক্তিৰ আশ্বাস অমিত শ্বাহৰ ৷ এই কথা প্ৰকাশ অলটাফ বুখাৰিৰ ৷

অপনী পাৰ্টীৰ মুৰব্বী
অলটাফ বুখাৰি

নেশ্যনেল ডেস্ক, 15 মাৰ্চ : জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ কৰি ৰখা সকলো ৰাজনৈতিক নেতাক অতি সোনকালেই মুক্তি দিয়াৰ আশ্বাস প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ দেওবাৰে গৃহমন্ত্ৰী গৰাকীৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰাৰ পাচতে এই মন্তব্য কৰে অপনী পাৰ্টীৰ মুৰব্বী অলটাফ বুখাৰিয়ে ৷ বৈঠকৰ অন্তত তেওঁ কয়, "আমি জম্মু-কাশ্মীৰৰ ৰাজনৈতিক বন্দীসকলৰ বিষয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰিছো ৷ তেওঁ অতি সোনকালেই বন্দীসকলক মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ৷"

উল্লেখ্য যে, অমিত শ্বাহে দেওবাৰে জম্মু-কাশ্মীৰৰ এটা প্ৰতিনিধি দলৰ সৈতে এক বৈঠকৰ আয়োজন কৰে ৷ গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত আয়োজন কৰা এই বৈঠকত প্ৰতিনিধি দলৰ হৈ নেতৃত্ব প্ৰদান কৰে অপনী পাৰ্টীৰ মুৰব্বী অলটাফ বুখাৰীয়ে ৷ এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব এ. কে. ভল্লা আৰু বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অপনী পাৰ্টীৰ প্ৰতিনিধিসকলক আশ্বাস প্ৰদান কৰি কয় যে, কেন্দ্ৰই অতি শীঘ্ৰেই জম্মু আৰু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব ৷ প্ৰতিনিধি দলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে বিভিন্ন বিষয় যেনে, জনগাঁথনিৰ পৰিৱৰ্তন, সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, ৰাজ্যিক আৱাসীয় অনুমোদন প্ৰমাণ আদি সম্পৰ্কত মত বিনিময় কৰে ৷ উল্লেখ্য যে, পূৰ্বে পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (PDP) সৈতে জড়িত থকা বুখাৰীয়ে 8 মাৰ্চত নিজৰ এটা দল গঠন কৰে৷ জম্মু-কাশ্মীৰত 370 অনুচ্ছেদ বাতিল কৰাৰ পাচতে আটক কৰা দা নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাহক শুকুৰবাৰে কেন্দ্ৰই মুক্তি প্ৰদান কৰিছিল ৷ জম্মু-কাশ্মীৰৰ তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰায় 7 মাহ সময় আৱদ্ধ কৰি ৰখা হৈছিল ৷

ইয়াৰোপৰি, বৰ্তমানেও আৱদ্ধ হৈ আছে ফাৰুক আব্দু্ল্লাহৰ পুত্ৰ ওমৰ আব্দুল্লাহ, পিডিপিৰ মুৰব্বী মেহবুবা মুফ্টী আৰু বহুসংখ্যক শীৰ্ষ ৰাজনৈতিক নেতা ৷

আৰু পঢ়ক : কৰ'ণাভাইৰাছ আতংক : পুৰীত নিষেধ পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.