ETV Bharat / bharat

দেশৰ পৰা নক্সালবাদ সমুলঞ্চে নিশেষ কৰাৰ নিৰ্দেশ অমিত শ্বাহৰ

author img

By

Published : Aug 26, 2019, 8:30 PM IST

দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতে নক্সালবাদ সন্দৰ্ভত প্ৰথমখন বৈঠকত মিলিত হয় অমিত শ্বাহ ৷ সোমবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যোৱা বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ মহানিৰ্দেশকসকল,চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্ৰধানসকল,নক্সাল অধ্যুষিত ৰাজ্যৰ লগতে তাৰ প্ৰতিবেশী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধানসকল ৷

দেশৰ পৰা নক্সালবাদ সমুলঞ্চে নিশেষ কৰাৰ নিৰ্দেশ অমিত শ্বাহৰ

নিউজ ডেস্ক, 26 আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰে দেশৰ অৰ্ধসামৰিক বাহিনীৰ মহানিৰ্দেশকৰ লগতে চোৰাংচোৱা সংস্থাৰ সঞ্চালকপ্ৰধানসকলে ৷ ইয়াৰ উপৰিও বৈঠকত উপস্থিত থাকে কেবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সেই ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানসকল তথা মুখ্য সচিবসকল ৷

নক্সালবাদক লৈ সভাত মিলিত অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে নক্সালবাদ সন্দৰ্ভত আলোচনাত মিলিত হয় অমিত শ্বাহ ৷ অমিত শ্বাহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ সচিব,বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ,ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথ,ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস,ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘিল ৷

ইয়াৰ উপৰিও বৈঠকত অংশগ্ৰহণ কৰে চি আৰ পি এফ,আইটিবিপি,এছএছবি,এন আই এ,আই বি, বি এছ এফ,চি আই এছ এফ,ৰ'ৰ মহানিৰ্দেশকসকলে ৷ সভাত নক্সাল অধ্যুষিত দহখন ৰাজ্য ক্ৰমে,ছত্তিশগড়,ঝাৰখণ্ড,ওড়িশ্যা,পশ্চিমবংগ,বিহাৰ,মহাৰাষ্ট্ৰ,তেলেংগানা, অন্ধ্ৰপ্ৰদেশ,মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ নিৰাপত্তা আৰু অন্যান্য দিশসমূহ নিৰীক্ষণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ নক্সাল অধ্যুষিত এইসমূহ ৰাজ্যৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটোৰ ওপৰত বিশদভাৱে আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, 2009ৰ পৰা 2013 চনলৈ 8,782টা মাওবাদজনিত গোচৰৰ বিপৰীতে 2014ৰ পৰা 2018 চনলৈ এই সংখ্যা 4,969 হয়গৈ, যিটো 43.4 শতাংশ কম হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ বিপৰীতে 2009 চনৰ পৰা 2013 চনলৈ নিৰাপত্তা বাহিনীকে ধৰি সৰ্বমুঠ 3,326 গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 2014 চনৰ পৰা 2018 চনলৈ এই সংখ্যা 60.4 শতাংশ কমি 1,321 গৰাকী হয় ৷ 2009 চনৰ পৰা 2018 চনলৈ সৰ্বমুঠ 1400 গৰাকী মাওবাদী নিহত হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথমাৰ্ধত 310টা নক্সালজনিত ঘটনাত 88 মাওবাদী নিহত হয় ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে বিগত মাহত দেশৰ পৰা মাওবাদৰ ঘটনা ব্যাপক হাৰে কমি অহাৰ কথা উল্লেখ কৰিছিল ৷ 2018 চনলৈ দেশত মাত্ৰ 60খন জিলাত মাওবাদীৰ অৱস্থিতিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ ভিতৰত 10খন জিলাতে 2/3য়াংশ নক্সালবাদমুলক কাণ্ড সংঘটিত হৈ আছে ৷ পূৰ্বৱৰ্তী পাঁচবৰ্ষৰ তুলনাত এপ্ৰিল 2014ৰ পৰা মে' 2019 লৈকে নক্সালজনিত অপৰাধৰ ঘটনা কমি আহি মাত্ৰ 43 শতাংশ হয় ৷

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে মাওবাদৰ সৈতে মোকাবিলা কৰিবলৈ 2015 চনত অনুমোদন জনাইছিল নেশ্বনেল পলিচি এণ্ড এক্সন প্লেন ৷ এই আঁচনিৰ দ্বাৰা নক্সাল অধ্যুষিত অঞ্চলসমূহত স্থানীয় লোকসকলৰ উন্নতিৰ বাবে বহুল হাৰে উন্নয়নমূলক কামৰ লগতে অন্যান্য আন্তঃগাঁথনিমূলক কাম সম্পাদন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ৷ আজি অনুষ্ঠিত হোৱা সভাত দেশৰ পৰা নক্সালবাদক সমুলঞ্চে নিঃশেষ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

Intro:Body:

দেশৰ পৰা নক্সালবাদ সমুলঞ্চে নিশেষ কৰাৰ নিৰ্দেশ অমিত শ্বাহৰ 

দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতে নক্সালবাদ সন্দৰ্ভত প্ৰথমখন বৈঠকত মিলিত হয় অমিত শ্বাহ ৷ সোমবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যোৱা বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ মহানিৰ্দেশকসকল, চোৰাংচোৱা সংস্থাৰ সঞ্চালকপ্ৰধানসকল, নক্সাল অধ্যুষিত ৰাজ্যৰ লগতে তাৰ প্ৰতিবেশী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধানসকল ৷ 

নিউজ ডেস্ক, 26 আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰে দেশৰ অৰ্ধসামৰিক বাহিনীৰ মহানিৰ্দেশকৰ লগতে চোৰাংচোৱা সংস্থাৰ সঞ্চালকপ্ৰধানসকলে ৷ ইয়াৰ উপৰিও বৈঠকত উপস্থিত থাকে কেবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সেই ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানসকল তথা মুখ্য সচিবসকল ৷ 

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে নক্সালবাদ সন্দৰ্ভত আলোচনাত মিলিত হয় অমিত শ্বাহ ৷ অমিত শ্বাহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ সচিব, বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ, ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নভীন পাটনায়ক, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘিল ৷ 

ইয়াৰ উপৰিও বৈঠকত অংশগ্ৰহণ কৰে চিআৰপিএফ, আইটিবিপি, এছএছবি, এনআইএ, আইবি, বিএছএফ, চিআইএছএফ, ৰ'ৰ মহানিৰ্দেশকসকল ৷ সভাত নক্সাল অধ্যুষিত দহখন ৰাজ্য ক্ৰমে, ছত্তিশগড়, ঝাৰখণ্ড, ওড়িশ্যা, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ নিৰাপত্তা আৰু অন্যান্য দিশসমূহ নিৰীক্ষণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ নক্সাল অধ্যুষিত এইসমূহ ৰাজ্যৰ সুৰক্ষা আৰু নিৰাপত্তা দিশটোৰ ওপৰত বিশদভাৱে আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ 

কেন্দ্ৰীয় গৃহমন্ত্ৰায়ৰ পৰিসংখ্যা অনুসৰি, 2009ৰ পৰা 2013 চনলৈ 8,782টা মাওবাদজনিত গোচৰৰ বিপৰীতে 2014ৰ পৰা 2018 চনলৈ এই সংখ্যা 4,969 হয়গৈ, যিটো 43.4 শতাংশ কম হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ বিপৰীতে 2009 চনৰ পৰা 2013 চনলৈ নিৰাপত্তা বাহিনীকে ধৰি সৰ্বমুঠ 3,326 গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 2014 চনৰ পৰা 2018 চনলৈ এই সংখ্যা 60.4 শতাংশ কমি 1,321 গৰাকী হয় ৷ 2009 চনৰ পৰা 2018 চনলৈ সৰ্বমুঠ 1400 গৰাকী মাওবাদী নিহত হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথমাৰ্ধত 310টা নক্সালজনিত ঘটনাত 88 মাওবাদী নিহত হয় ৷ 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে বিগত মাহত দেশৰ পৰা মাওবাদৰ ঘটনা ব্যাপক হাৰে কমি অহাৰ কথা উল্লেখ কৰিছিল ৷ 2018 চনলৈ দেশত মাত্ৰ 60খন জিলাত মাওবাদীৰ অৱস্থিতিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ ভিতৰত 10খন জিলাতে 2/3য়াংশ নক্সালবাদমুলক কাণ্ড সংঘটিত হৈ আছে ৷ পূৰ্বৱৰ্তী পাঁচবৰ্ষৰ তুলনাত এপ্ৰিল 2014ৰ পৰা মে' 2019 লৈকে নক্সালজনিত অপৰাধৰ ঘটনা কমি আহি মাত্ৰ 43 শতাংশ হয় ৷ 

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে মাওবাদৰ সৈতে মোকাবিলা কৰিবলৈ 2015 চনত অনুমোদন জনাইছিল নেশ্বনেল পলিচি এণ্ড এক্সন প্লেন ৷ এই আঁচনিৰ দ্বাৰা নক্সাল অধ্যুষিত অঞ্চলসমূহত স্থানীয় লোকসকলৰ উন্নতিৰ বাবে বহুল হাৰে উন্নয়নমুলক কামৰ লগতে অন্যান্য আন্তঃগাঁথনিমুলক কাম সম্পাদন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ৷ আজি অনুষ্ঠিত হোৱা সভাত দেশৰ পৰা নক্সালবাদক সমুলঞ্চে নিঃশেষ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.