নিউজ ডেস্ক, ৩ জুনঃ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত চীনে সৈন্যই আগ্ৰাসনৰ চেষ্টা চলাই সময়তেই ভাৰতীয় বায়ুসেনাই দক্ষিণ কাশ্মীৰত আৰম্ভ কৰিছে জৰুৰীকালীন ৰাণৱে নিৰ্মাণৰ কাম। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰা অঞ্চলত নিৰ্মান কৰি থকা হৈছে তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাণৱে । এই ৰাণৱেটো ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন কৰি নিৰ্ণানৰ কাম চলাই আছে ভৰতীয় বায়ু সেনাই।
![midst Ladakh standoff, IAF constructing emergency airstrip in South Kashmir](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12:16_img-20200603-wa0002_0306newsroom_1591156261_697.jpg)
যুদ্ধকালীন প্ৰস্তুতিৰে দুদিন পূৰ্বে এই ৰাণৱে নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে। জৰুৰীকালীন অৱস্থাত যুদ্ধবিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মান কৰা হৈছে এই ৰাণৱেটো। নিৰ্মাণকাৰ্যৰ বাবে ট্ৰাক চলাচল আৰু শ্ৰমিকসকলক জিলা প্ৰশাসনে বিশেষ পাচ প্ৰদান কৰিছে। লাডাখত চীনা সৈন্য়ই আগ্ৰাসনৰ চেষ্টা চলাই থকা সময়তেই ভাৰতীয় বায়ুসেনাই ৰাণৱে নিৰ্মাণৰ কাম আৰম্ভ কৰা কাৰ্যই সাম্প্ৰতিক সময়ত বিশেষ তাৎপৰ্য বহন কৰিছে ।