ETV Bharat / bharat

শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ অহিব গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Dec 18, 2020, 3:40 PM IST

শনিবাৰে পশ্চিম বংগত নিয়া (NIA)ৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷ ইয়াৰ পিছতেই তখেতে উত্তৰ কলকাতাৰ স্বামী বিবেকানন্দৰ বাসগৃহ ভ্ৰমণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ পৰৱৰ্তী সময়ত গৃহমন্ত্ৰী গৰাকীয়ে মিদনাপুৰত বিপ্লৱী খুদিৰাম বসুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দুটিকৈ মন্দিৰত পূজা অৰ্পণ কৰিব ৷

Amid rebellion in TMC, Shah on two-day visit to Bengal
শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগলৈ অহিব গৃহমন্ত্ৰী অমিত শ্বাহ

নেশ্যনেল ডেস্ক,18 ডিচেম্বৰ: শুকুৰবাৰে নিশা দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 2021 চনত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই পশ্চিমবংগ ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী গৰাকী ৷ বিধায়ক শিলভদ্ৰ দত্ত আৰু জিতেন্দ্ৰ তিৱাৰীৰ লগতে শেহতীয়াকৈ মমতা বেনাৰ্জী কেবিনেটৰ পৰা পদত্যাগ কৰা সুবেন্দু অধিকাৰীয়ে শ্বাহৰ এই ভ্ৰমণ কালতেই বিজেপিত যোগদান কৰিব বুলি জল্পনা-কল্পনা চলিছে ৷

শনিবাৰে নিয়া (NIA)ৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব শ্বাহ ৷ ইয়াৰ পিছতেই তখেতে উত্তৰ কলকাতাৰ স্বামী বিবেকানন্দৰ বাসগৃহ ভ্ৰমণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ পৰৱৰ্তী সময়ত গৃহমন্ত্ৰী গৰাকীয়ে মিদনাপুৰত বিপ্লৱী খুদিৰাম বসুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দুটিকৈ মন্দিৰত পূজা অৰ্পণ কৰিব ৷

এই অনুষ্ঠানৰ পিছতে তেখেতে মিদনাপুৰ কজেল খেলপথাৰত এক ৰেলীত অংশগ্ৰহণ কৰাৰ অন্তত এগৰাকী কৃষকৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ৷

এই ৰেলীতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কেইবাগৰাকীয়ো তৃণমূল কংগ্ৰেছৰ নেতাই সহযোগ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ এই ৰেলীৰ পিছতে অমিত শ্বাহে কলকাতালৈ উভটি ৰাজ্যখনৰ বিজেপি নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব ৷

পশ্চিম বংগৰ বিজেপি প্ৰধান দিলীপ ঘোষে কয় যে,বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিমাহে পশ্চিমবংগ ভ্ৰমণ কৰিব ৷ উল্লেখ্য যে,বিগত সপ্তাহত দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ আহিছিল জে পি নাড্ডা ৷

এই ভ্ৰমণকালতেই তেখেতৰ কনভয়ৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলাইছিল ৷

লগতে পঢ়ক-আইপিএছ বিষয়াৰ হস্তান্তৰৰ সন্দৰ্ভত নতুন নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.