ETV Bharat / bharat

মহামাৰীৰ মাজতো দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসী নীতি - অৰুণিম ভূঞাৰ প্ৰৱন্ধ

দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসী নীতিক লৈ জ্যেষ্ঠ সাংবাদিক অৰুণিম ভূঞাৰ এই প্ৰতিবেদন

মহামাৰীৰ মাজতো দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসী নীতি

author img

By

Published : Jul 12, 2020, 9:32 AM IST

নতুন দিল্লীঃ বিগত বৰ্ষত চীনৰ ৱুহান চহৰত উৎপত্তি হোৱা ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে দক্ষিণ চীন সাগৰত আগ্ৰাসী মনোবৃত্তিৰে বেইজিঙে আন্তঃৰাষ্ট্ৰীয় ধৈৰ্যৰহে যেন পৰীক্ষা লৈছে। এই দক্ষিণ চীন সাগৰকলৈ কেইবাখনো দেশৰ সৈতে চীনৰ সংঘাত অব্যাহত আছে । এনে সময়তে লাডাখত ভাৰত আৰু চীনৰ সীমাকলৈ সংঘাত উত্তপ্ত হৈ পৰিছে । ইয়াৰ ফলত ৪৫ বছৰ পাছত প্ৰথমবাৰৰ বাবে লাইন অৱ্ একচুৱেল কন্ট্ৰল চমুকৈ এল এ চিত মেনাৰ মৃত্যু হোৱাত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিগত সপ্তাহৰ পৰা উভচৰতে আক্ৰমণাত্মক কাৰ্যকলাপৰে চীনৰ পিপলছ্ লিবাৰেশ্বন আৰ্মী চমুকৈ পি এল এৰ নৌসেনাই দক্ষিণ চীন সাগৰত অনুশীলন আৰম্ভ কৰিছে । পাৰাচেল দ্বীপৰ কাষত চীনৰ এনে কাৰ্যকলাপক বাধা দিয়াৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই দক্ষিণ চীন সাগৰত বিমান কঢ়িয়াব পৰা তিনিখন পাৰমাণৱিক শক্তিসম্পন্ন কেৰিয়াৰ নিয়োগ কৰিছে ।

ভাৰতৰ পৰা দক্ষিণ চীন সাগৰলৈকে চীনে গ্ৰহণ কৰা আগ্ৰাসনমুখী কাৰ্যকলাপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ছেক্ৰেটাৰী অৱ্ ষ্টেট মাইক পম্পিঅ’য়ে ৮ জুলাইত সংবাদ মাধ্যমক সম্বোধন কৰি কয়—“হিমালয়ৰ পৰ্বতমালাৰ পৰা ভিয়েটনামৰ আছুতীয়া জ’নৰ জলস্তৰ, ছেনাকুৰ দ্বীপবোৰকে (জাপানৰ সীমান্তৱৰ্তী পূব চীন সাগৰত) ধৰি বিভিন্ন ক্ষেত্ৰত ভূখণ্ডকেন্দ্ৰিক সংঘাতক উদগণি যোগোৱাৰ বাবে চীনৰ এক ষড়যন্ত্ৰ আছে । বিশ্বই এনেধৰণৰ কাৰ্য সংঘটিত হ’বলৈ বা অব্যাহত থাকিবলৈ দিয়া উচিত নহয় ।”

ইয়াৰ পাছত চীনৰ কমিউনিষ্ট দলৰ মুখপত্ৰ হিচাপে কাম কৰা প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত গ্লোবেল টাইমছে বৃহস্পতিবাৰে বেইজিংস্থিত বিশ্লেষকৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ কৰে এনেদৰে— “ছাৰ্ভে চলোৱা পাঁচখন আমেৰিকান সেনাৰ বিমান দক্ষিণ চীনৰ গুৱাংদং প্ৰদেশৰ ওচৰত তিনিদিন একেৰাহে আকাশত উৰি থকা দেখা পোৱা গৈছে ।”

গ্লোবেল টাইমছে সকীয়নী দি উল্লেখ কৰে—“আমেৰিকাৰ সৈন্যবাহিনীৰ এনেধৰণৰ উচটনিমূলক কাৰ্যৰ প্ৰতিক্ৰিয়া স্বৰূপে চীনে বিভিন্ন ধৰণ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । যুঁজাৰু জেট বিমান প্ৰেৰণ কৰি আমেৰিকাৰ বিমানক চীনৰ আকাশমাৰ্গৰ্ পৰা খেদি পঠিওৱাটো তাৰে মাত্ৰ এটা উপায় । পি এল এয়ে নিজা ধৰণে আমেৰিকাৰ সেনাবাহিনীক উত্তৰ দিব পাৰে বুলিও কাকতখনে কয় ।

অৱজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেচন থিংক টেংকৰ মেৰিটাইম পুলিচ ইনিচিয়েটিভৰ মুৰব্বী অভিজিত সিঙৰ মতে দক্ষিণ চীন সাগৰত আমেৰিকাই যুদ্ধ জাহাজ প্ৰেৰণ কৰি চীনৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে যে এই অঞ্চলটোত চীনে আগ্ৰাসন চলাব নোৱাৰে । সিঙে ইটিভি ভাৰতক কয়—“শেহতীয়াকৈ অঞ্চলটোত চীনৰ মেৰিটাইম মিলিছিয়া বা অনা-নৌসৌনা লোকৰ কাৰ্যকলাপ বৃদ্ধি পাইছে ।” এই সকলোবোৰ জলজল পটপটকৈ ওলাই পৰিছে বুলিও তেওঁ কয় । ইয়াৰ ফলতে আছিয়ান দেশসমূহে জাপান আৰু আমেৰিকা আদিৰ দৰে দেশৰ পৰা সহায় বিচাৰিছে বুলিও সিঙে প্ৰকাশ কৰে ।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত থকা চেণ্টাৰ ফৰ্ চাইনীজ এণ্ড ছাউথ ইষ্ট এছিয়ান ষ্টাডীজৰ চাইনীজ এণ্ড চাইনীজ ষ্টাডীজৰ অধ্যাপক বি আৰ দীপকৰ মতে চীনৰ শেহতীয়া আগ্ৰাসনমুখী কাৰ্যকলাপ কোনো হঠাতে হোৱা ঘটনা নহয়, বৰঞ্চ বহুদিনৰে পৰা এয়া চলি আহিছে । দীপকে কয়—“১৯৭৯ চনৰ পৰা চীনে সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশত গুৰুত্ব দি আহিছে ।” তেওঁ লগতে মত প্ৰকাশ কৰে—“জিনপিং ৰাষ্ট্ৰপতি হোৱাৰ পাছত ২০১২ চনৰ পৰা চীন অধিক আত্মবিশ্বাসী হৈ পৰে আৰু ইয়াৰ আগ্ৰাসী নীতিক ত্বৰান্বিত কৰাত লাগি যায়। তেওঁ লগতে ভাৰতৰ সৈতে থকা লাইন অৱ্ একচুৱেল কন্ট্ৰল বা এল এ চিত চীনে ভূখণ্ডৰ বাবে কৰা দাবী আৰু দক্ষিণ চীন সাগৰৰ দ্বীপবোৰকলৈ চীনৰ স্থিতিৰো সমান্তৰালতাক বিশ্লেষণ কৰে । বি আৰ দীপকৰ মন্তব্য এনেধৰণৰ— “প্ৰথমতে তেওঁলোকে ভূখণ্ড দাবী কৰে, তাৰ পিছত দখল কৰে, সামৰিক বাহিনী নিয়োগ কৰে আৰু স্থিতি সলনি কৰে । তাৰ পাছত আন্তঃৰাষ্ট্ৰীয় শক্তিৰে দেশখনে গোলকীয় সংস্থাসমূহক তেওঁলোকৰ দাবীৰ ন্যায্যতা সম্পৰ্কে পতিয়ন নিয়াব বিচাৰে ।”

কিন্তু লাডাখত সীমান্তক লৈ সংঘাত চলি থকাৰ সময়তে দক্ষিণ চীন সাগৰত ভাৰতে নৌসেনাৰ কাৰ্যকলাপ চলোৱাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাই চীনক কম্পিত কৰি তুলিব । এই সম্পৰ্কে বিগত সপ্তাহত অনলাইনযোগে ঘোষণা কৰি ফিলিপিনছৰ প্ৰতিৰক্ষা মন্ত্ৰী ডেলফিন লৰেঞ্জানাই কয়—“আমি আন দেশক দক্ষিণ চীন সাগৰত কাৰ্যকলাপ চলোৱাত বাধা নিদিওঁ । ব্ৰিটিছসকলেও দক্ষিণ চীন সাগৰেৰে পাৰ হয় । ফ্ৰান্স বা সকলো দেশে ব্যৱহাৰ কৰে । আমি কাকো তাৰ বাবে নিমন্ত্ৰণ নজনাওঁ।" দক্ষিণ চীন সাগৰত ভাৰতৰ উপস্থিতিক আদৰণি জনাই লৰেঞ্জানাই পি এল এৰ নৌসেনাই শেহতীয়াকৈ চলোৱা অনুশীলনক লৈ উদ্বিগ্নতা ব্যক্ত কৰে । ফিলিফিনছৰৰ ৰাষ্ট্ৰপতি ৰড্ৰিগো ডুটাৰ্টেৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱা মাহত হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছত ফিলিপিনছৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰাটো তাৎপৰ্যপূৰ্ণ । জাপানৰ পূব উপকূলৰ পৰা আফ্ৰিকাৰ পূব উপকূললৈকে বিস্তৃত ফিলিপিনছক ইণ্ডো-পেছিফিকৰ অগ্ৰণী অংশীদাৰ হিচাপে ভাৰতে গ্ৰহণ কৰে বুলি এই বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে ।

চীনৰ আগ্ৰাসী কাৰ্যকলাপৰ বিপৰীতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা স্থাপনৰ বাবে গঠিত গোটৰ সদস্য হিচাপে আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ লগতে ভাৰতো আছে । সিঙৰ মতে দক্ষিণ চীন সাগৰকলৈ যদিও ভাৰতেো পোনপটীয়াকৈ আলোচনা কৰা নাই যদিও দক্ষিণ চীন সাগৰত চীনৰ আক্ৰমণাত্মক স্থিতিকলৈ নতুন দিল্লী বহু পৰিমাণে উদ্বিগ্ন । তেওঁৰ মতে হিমালয়ান অঞ্চলত চীনে যদি এনেদৰে আক্ৰমণাত্মক হৈ থাকে তেন্তে দক্ষিণ চীন সাগৰত ভাৰতে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ’ব । বিগত মাহত আছিয়ান নেতাসকলৰ এখন ভাৰ্ছুৱেল বছৰেকীয়া সন্মিলনত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেন ছুৱান ফুকে চীনে দক্ষিণ চীন সাগৰত সাগৰীয় আইন ভংগ কৰাৰ বিষয়টো উত্থাপন কৰিছিল । তেওঁ এনেদৰে কৈছিল—“সমগ্ৰ বিশ্বই যিসময়ত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে তেনে সময়তে আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰাৰ দৰে দায়িত্বহীন ঘটনা এতিয়াও ঘটি আছে । যাৰ ফলত আমাৰ অঞ্চলৰ লগতে নিৰ্দিষ্ট কিছু অঞ্চলৰ নিৰাপত্তা আৰু স্থিৰতাৰ প্ৰতি ভাবুকি আহিছে ।”

আছিয়ানৰ সন্মিলনৰ পাছত জাৰি কৰা এখন যুটীয়া বিবৃতিত এনেদৰে উল্লেখ কৰা হয়— “১৯৮২ চনৰ ইউ এন চি এল অ’ এছক (United Nations Convention on the Law of the Sea) সাগৰীয় ক্ষেত্ৰ তথা সাৰ্বভৌমত্বৰ অধিকাৰ আৰু সাগৰীয় আন আন বিষয়বোৰৰ ক্ষেত্ৰত ভূল ভিত্তি বুলি আমি পুনশ্চঃ স্পষ্ট কৰোঁ ।” বিশ্বৰ মহাসাগৰ ব্যৱহাৰৰ অধিকাৰ আৰু দায়িত্ব, ব্যৱসায়ৰ ক্ষেত্ৰত নিৰ্দেশৱালী ৰূপায়ণ কৰা, পৰিৱেশ, সাগৰীয় প্ৰাকৃতিক সম্পদৰ ব্যাখ্যা ইউ এন চি এল অ’ এছে ব্যাখ্যা কৰে । ৰাষ্ট্ৰীয় সীমাৰ বাহিৰৰ সকলো জলভাণ্ডাৰকে আন্তঃৰাষ্ট্ৰীয় হিচাপে গণ্য কৰা হয় । এইবোৰ সকলো ৰাষ্ট্ৰৰ বাবে মুক্ত । কিন্তু এয়া কাৰো অধীনস্থ নহয় ।

দক্ষিণ চীন সাগৰক লৈ চীনৰ লগত হোৱা সংঘাতৰ সৈতে স্প্ৰাটলী আৰু পাৰাচেল দ্বীপপুঞ্জও জড়িত হৈ আছে । এই দ্বীপপুঞ্জক অঞ্চলটোৰ আন দেশে নিজৰ বুলি দাবী কৰি আহিছে । ব্ৰুনেই, মালয়েছিয়া, ফিলিপিনছ, টাইৱান আৰু ভিয়েটনামে স্প্ৰেটলী দ্বীপপুঞ্জক দাবী কৰি অহাৰ লগতে ভিয়েটনাম আৰু টাইৱানে পাৰাচেল দীপপুঞ্জকো নিজৰ বুলি দাবী কৰি আহিছে ।

দীপকে জনায় যে ১৯৭৪ চনত পাৰাচেল আছিল ভিয়েটনামৰ অন্তৰ্গত । কিন্তু চীনে সামৰিক শক্তিৰে সেয়া কাঢ়ি লয় । তেওঁ এনেদৰে ব্যাখ্যা আগবঢ়ায়—“এতিয়া স্প্ৰেটলীৰ অধিকাংশ দ্বীপ তথা ২৮ টা দীপেই ভিয়েটনামৰ অধীনস্থ । কিন্তু চীনে সেইবোৰ দখল কৰিবলৈ আৰম্ভ কৰিছে ।” ফিলিপিনছৰ ক্ষেত্ৰত ২০১৬ চনত Permanent Court of Arbitration in the Hague-এ ৰায় দিয়ে যে চীনে দক্ষিণ চীন সাগৰত মেনিলাৰ অধিকাৰ খৰ্ব কৰিছে । দক্ষিণ চীন সাগৰ হৈছে বিশ্বৰ অন্যতম ব্যস্ত সাগৰীয় বাণিজ্যিক পথ ।

ফিলিপিনছৰ মাছ চিকাৰ আৰু পেট্ৰলিয়ামৰ লগত জড়িত কাৰ্যত চীনে হস্তক্ষেপ কৰা বুলি আদালতে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ লগতে কৃত্ৰিম দ্বীপ নিৰ্মাণ কৰা আৰু চীনা মাছমৰীয়াক সেই অঞ্চলত মাছ মৰাৰ পৰা বিৰত ৰখাত বিফল হোৱাৰ অভিযোগ উত্থাপন হয় । দক্ষিণ চীন সাগৰৰ স্কাৰবৰোত ফিলিপিনছৰ মাছমৰীয়াৰ মাছ মৰাৰ পৰম্পৰাগত অধিকাৰ আছে বুলি আদালতে মত পোষণ কৰাৰ লগতে চীনে এই অধিকাৰত হস্তক্ষেপ কৰা বুলি উল্লেখ কৰে ।

ভিয়েটনাম আৰু ফিলিপিনছে উদ্বিগন্তা ব্যক্ত কৰাৰ দৰে চীনে আন্তঃৰাষ্ট্ৰীয় জলস্তৰত নৌসেনাৰ অনুশীলন চলোৱাকলৈ আছিয়ান দেশসমূহে কি ভাবে? দক্ষিণ চীন সাগৰৰ সংঘাত শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাবে ২০০২ চনত চীন আৰু আছিয়ান দেশসমূহে মান্তি হোৱা আচৰণবিধি ইয়াৰ জৰিয়তে ভংগ কৰা হৈছে । দীপকে এই সন্দৰ্ভত বিস্তৃতভাৱে জনায় যে চীনে একোখনকৈ দেশৰ লগত দ্বিপাক্ষিকভাৱে এই সংঘাতৰ বিষয়বোৰ সমাধান কৰাৰ বাবে চেষ্টা চলালেও আছিয়ান দেশসমূহে এক সমূহীয়া দৃষ্টিভংগী গ্ৰহণ কৰিছে । তেওঁ কয়—“দুয়োটা পক্ষই এই ক্ষেত্ৰত এক সঠিক ভাৰসাম্যৰ দিশে আগবাঢ়িছে ।”এই অঞ্চলৰ সম্ভাৱনাপূৰ্ণ অৰ্থনীতিৰ বাবে চীনে সম্পৰ্ক ছেদ কৰিব নোৱাৰে বুলি দীপকে মত প্ৰকাশ কৰে । তেওঁৰ মন্তব্য এনেধৰণৰ—“আছিয়ান দেশসমূহৰ সৈতে চীনৰ বাণিজ্যৰ পৰিমাণ ২০১৯ চনত আছিল ৬০০ বিলিয়ন ডলাৰতকৈ অধিক ।যাৰ বাবে অঞ্চলটোৰ পৰা আমেৰিকাৰ দৰে শক্তিয়ে প্ৰস্থান কৰাটো চীনে বিচাৰে।”

দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হু জিন্টাৱে কোৱাৰ দৰে চীনে মালাক্কা ডাইলেমাত যেন ভুগিছে । মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপৰ মাজত মালাক্কাৰ অৱস্থিতি । মালাক্কাই দক্ষিণ চীন সাগৰৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আমেৰিকাৰ দখলত থকা মালাক্কাৰ জলপথ সংঘাত বৃদ্ধি পালে আমেৰিকাই যিকোনো মুহূৰ্ততে বাধাৰ সৃষ্টি কৰিব পাৰে বুলি চীন চিন্তিত । কিয়নো ইয়াৰ ফলত মধ্য প্ৰাচ্য আৰু আফ্ৰিকাৰ পৰা শক্তিৰ যোগান ব্যাহত হৈ পৰিব । এতিয়া দক্ষিণ চীন সাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ যুদ্ধ জাহাজ প্ৰেৰণ কৰাৰ পাছত অনাগত দিনত অঞ্চলটোৰ পৰিস্থিতি লক্ষণীয় হ’ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.