ETV Bharat / bharat

আমেৰিকাৰ আক্ৰমণ, ইৰাণৰ দীঘলীয়া ছায়া যুদ্ধ - Americans Brace for Attacks

ছেপ্টেম্বৰত ইৰাণে চৌদি আৰৱৰ তৈল ক্ষেত্ৰত আক্ৰমণ কৰে আৰু শেহতীয়াকৈ ২৭ ডিচেম্বৰত কিৰকূকৰ এক সামৰিক ঘাটিত ৰকেটেৰে আক্ৰমণ চলায় । ইয়াৰ ফলত এগৰাকী আমেৰিকান ঠিকাদাৰৰ মৃত্যু হয় । ইয়াৰ উত্তৰ হিচাপে ইৰাণৰ ছাঁ হিচাপে কাম কৰা ইৰাকী ছিয়া উগ্ৰপন্থী সংগঠন কাটিব হেজবুল্লাহৰ বিৰুদ্ধে ট্ৰাম্পে যুদ্ধ বিমান প্ৰেৰণ কৰে আৰু ফলত সংগঠনটোৰ পঁচিশজন সদস্য নিহত হয়

আমেৰিকা
আমেৰিকাৰ আক্ৰমণ, ইৰাণৰ দীঘলীয়া ছায়া যুদ্ধ
author img

By

Published : Jan 12, 2020, 6:58 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰীঃ ইৰাণৰ মেজৰ জেনেৰল কাছিম ছলেমানীক হত্যা কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে গ্ৰহণ কৰা সিদ্ধান্তই মধ্য প্ৰাচ্যৰ লগতে আমেৰিকাতো ৰাজনৈতিক খেলখন সলনি কৰিব পাৰে । বহু বিশেষজ্ঞই, আনকি কিছুমান টেলিভিশ্বনৰ পৰ্দাতো এই সংঘাত আসন্ন বুলি মন্তব্য কৰাৰ লগতে যুদ্ধৰ সম্ভাৱনা ব্যক্ত কৰিছে । কিয়নো পূৰ্বৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলে ছলেমানীক হত্যা কৰিবলৈ সংকোচবোধ কৰিছিল । কিয়নো ইয়াৰ লগত বহু আশংকা জড়িত হৈ আছিল ।

কিন্তু ট্ৰাম্পে এই সকলোবোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হ’ল আৰু অনাগত দিনতহে জানিব পৰা যাব এয়া সঠিক সিদ্ধান্ত আছিল নে নাছিল । ছলেমানীক হত্যা কৰা ড্ৰোণ আক্ৰমণৰ পাছত আমেৰিকাৰ ছেক্ৰেটাৰী অৱ ষ্টেট মাইক পম্পিঅ’য়ে মন্তব্য কৰিছিল-ট্ৰাম্পে ইৰাণত যুদ্ধ বা শাসনৰ পৰিৱৰ্তন নিবিচাৰে । ইৰাণেও এক পূৰ্ণাংগ যুদ্ধ নিবিচাৰে কাৰণ আমেৰিকাৰ বিৰুদ্ধে যুঁজি ইৰাণ জিকিব নোৱাৰে । অৱশ্যে ইৰাণে কঠোৰ প্ৰতিশোধৰ সংকল্প গ্ৰহণ কৰাৰ লগতে মধ্য প্ৰাচ্যত আমেৰিকান সৈন্যৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ কৰিব বুলি ভাবুকি দিছে । এই উত্তেজনাৰ মাজত আমেৰিকাই জাৰি কৰা নিষেধাজ্ঞাৰ ফলত জনসাধাৰণৰ মাজত সৃষ্টি হোৱা আলৈ-আথানিক গুৰুত্ব নাইকিয়া কৰি পেলাইছে।

মঙলবাৰে প্ৰথম প্ৰত্যাক্ৰমণ হিচাপে ইৰাণে ইৰাকস্থিত আমেৰিকাৰ সামৰিক বাহিনীৰ ওপৰত মিছাইল আক্ৰমণ কৰে । আশা আছিল যে আমেৰিকাই যেনে কুকুৰ তেনে টাঙোন জাতীয় প্ৰত্যুত্তৰ নিদিব যদিও সেয়া ভুল আছিল । বৰ্তমানৰ এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ধাৰা বিগত গ্ৰীষ্মকালত ইৰাণে আমেৰিকাৰ এখন ড্ৰোণক আক্ৰমণ কৰাৰ পাছৰে পৰা আৰম্ভ হৈছে । ট্ৰাম্পে এক প্ৰত্যাক্ৰমণৰ নিৰ্দেশ দিয়ে যদিও অন্তিম মুহূৰ্তত সেয়া বাতিল কৰে ।

তাৰ পাছত ছেপ্টেম্বৰত ইৰাণে চৌদি আৰৱৰ তৈল ক্ষেত্ৰত আক্ৰমণ কৰে আৰু শেহতীয়াকৈ ২৭ ডিচেম্বৰত কিৰকূকৰ এক সামৰিক ঘাটিত ৰকেটেৰে আক্ৰমণ চলায় । ইয়াৰ ফলত এগৰাকী আমেৰিকান ঠিকাদাৰৰ মৃত্যু হয় । ইয়াৰ উত্তৰ হিচাপে ইৰাণৰ ছাঁ হিচাপে কাম কৰা ইৰাকী ছিয়া উগ্ৰপন্থী সংগঠন কাটিব হেজবুল্লাহৰ বিৰুদ্ধে ট্ৰাম্পে যুদ্ধ বিমান প্ৰেৰণ কৰে আৰু ফলত সংগঠনটোৰ পঁচিশজন সদস্য নিহত হয় । সংগঠনটোৰ নেতা মেহদি-আল-মুহাণ্ডিছৰো মৃত্যু হয় ।

কাটাইব হেজবুল্লাহৰ ওপৰত হোৱা আক্ৰমণৰ পাছতে নতুন বছৰৰ প্ৰাক্ ক্ষণত বাগদাদস্থিত আমেৰিকান দূতাবাসত উত্তেজনাময় পৰিৱেশৰ সূচনা হয় । দূতাবাসৰ ভিতৰতে কূটনীতিবিদসকল আবদ্ধ হৈ থাকিবলগীয়া হয় । প্ৰতিবাদকাৰীসকলে মূল প্ৰৱেশদ্বাৰ ভঙাৰ লগতে ৰিচিপচন পৰ্যন্ত পায়গৈ । এই ঘটনাৰ লগত সন্মানৰ প্ৰশ্ন জড়িত আছিল বাবে ট্ৰাম্পে ছলেমানীক হত্যাৰ নিৰ্দেশ দিয়ে ।যদিও কোৱা হৈছে যে ভৱিষ্যতে আমেৰিকান সৈন্য আৰু সা-সম্পত্তিৰ ওপৰত হ’ব পৰা আক্ৰমণ প্ৰতিহত কৰিবলৈ এই আদেশ দিয়া হৈছিল, প্ৰকৃততে এয়া আমেৰিকান দূতাবাসত হোৱা আক্ৰমণৰহে উত্তৰ আছিল ।

ইৰাকী সংসদে দেশখনত আমেৰিকাৰ সৈন্যৰ উপস্থিতি নোহোৱা কৰিবলৈ এক সিদ্ধান্তত ভোটদান কৰে । কিন্তু ছুন্নী আৰু কুৰ্ড সাংসদসকল এই ভোটদানত উপস্থিত থকা নাছিল । কিছুসংখ্যক ইৰাকী আৰু ছিৰিয়ান লোক ছলেমানীৰ মৃত্যুত শ্বস্তিৰ নিশ্বাসো পেলাইছে । ইয়াৰ মূলতে তেওঁৰ হিংসাত্মক কাৰ্যকলাপ ।

দীৰ্ঘদিনৰ পৰা মধ্য প্ৰাচ্যক পৰ্যবেক্ষণ কৰা বিশ্লেষক কিম ঘাট্টাছৰ মতে ছলেমানীয়ে ছিৰিয়াৰ পৰা লেবানননৈ উগ্ৰপন্থীৰ কামকাজ অব্যাহত ৰাখিছিল আৰু বিগত দুটা দশকত অঞ্চলটোত হোৱা প্ৰতিটো ঘটনাৰে মূল কেন্দ্ৰ আছিল । তেওঁৰ হিংসাত্মক কাৰ্যকলাপ মধ্য প্ৰাচ্যও অতিক্ৰম কৰিছিল । কিয়নো ২০১২ চনত নতুন দিল্লীত এজন ইজৰাইলী কূটনীতিবিদৰ গাড়ীৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত ছলেমানী থকা বুলি কোৱা হয় । এই আক্ৰমণত চাৰিজন লোক আহত হৈছিল ।

দেশখনত প্ৰতিবাদক নিঃশেষ কৰিবলৈ ছলেমানীয়ে গ্ৰহণ কৰা পন্থা শিহৰণকাৰী আছিল । গেছৰ দাম ২০০ শতাংশ বৃদ্ধি পোৱাৰ বিৰুদ্ধে চলা এক ব্যাপক প্ৰতিবাদক দমন কৰিবলৈ নৱেম্বৰ মাহত সাত দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল । ৰয়টাৰ্ছৰ মতে এহাজাৰতকৈও অধিক প্ৰতিবাদকাৰীক হত্যা কৰা হৈছিল ।

কিন্তু বহু ইৰাণী লোকৰ বাবে ছলেমানী আছিল ছে-গুৱেভাৰাৰ দৰে এক ব্যক্তিত্ব । তেওঁলোকৰ বাবে তেওঁ আমেৰিকা বা গ্ৰেট চাটান আৰু আইছিছৰ বিৰুদ্ধে যুঁজ দিছিল । ইৰাণ সম্পৰ্কত বিশেষজ্ঞ ‘Carnegie Endowment’-ৰ কৰিম ছাদজাপুৰে কোৱামতে ইৰাণৰ লোকসকলৰ মাজত ছলেমানীক হত্যা কৰাৰ যি প্ৰভাৱ সেয়া শীঘ্ৰে নাইকিয়া হ’ব আৰু জনসাধাৰণে দৈনন্দিন কঠিন জীৱনযাত্ৰালৈ প্ৰত্যাৱৰ্তন কৰিব ।
ইৰাণত বহু আমেৰিকান সৈন্যৰ হত্যাৰ কাৰণ হিচাপে পৰিগণিত হোৱা ছলেমানীক হত্যাৰ বাবে ট্ৰাম্পে দিয়া নিৰ্দেশে আমেৰিকাৰ ভিতৰতো বিভিন্ন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ডেমক্ৰেটসকলে ছলেমানী অবিহনে এখন ভাল

পৃথিৱীক সমৰ্থন কৰিলেও এই নিৰ্দেশৰ আইনী বৈধ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁলোকৰ মতে এই ধৰণৰ সিদ্ধান্তক ইৰাণৰ ফালৰ পৰা যুদ্ধৰ পদক্ষেপ হিচাপে চাব পাৰে ।
হাউচ জুডিচিয়াৰী কমিটীৰ অধ্যক্ষ জেৰী নাডলাৰে কৈছিল, “ছলেমানী এজন বিপজ্জনক লোক আছিল যিয়ে পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । কিন্তু কংগ্ৰেছে ৰাষ্ট্ৰপতিক এখন যুদ্ধ আৰম্ভ কৰিবলৈ অধিকাৰ দিয়া নাই । সেয়ে এই আক্ৰমণৰ ফলত হ’ব পৰা উত্তেজনাক আমি প্ৰতিহত কৰিবই লাগিব।”

ছলেমানীৰ হত্যাই ডেমক্ৰেটিকৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীসকলকো সংকটত পেলাইছে । তেওঁলোকে স্বাস্থ্য সেৱা আৰু আন ঘৰুৱা বিষয়সমূহক লৈ মাত মতাৰ সলনি কঠিন বৈদেশিক নীতিৰ বিষয়ে ক’বলগীয়া হৈছে । প্ৰাৰ্থী এলিজাবেথ ৱাৰেনে ২ জানুৱাৰীত টুইটাৰত ছলেমানীক হত্যাকাৰী বুলি কোৱাৰ বাবে বহু সমালোচনাৰ সন্মুখীন হয় । তিনি দিন পাছতহে তেওঁ ছলেমানীক এগৰাকী চৰকাৰী বিষয়া হিচাপে উল্লেখ কৰে ।

প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ প্ৰতিৰক্ষা সচিব লিয়ন পানেটাই ট্ৰাম্পৰ কালছোৱাৰ এয়া সবাতোকৈ ডাঙৰ পৰীক্ষা বুলি মন্তব্য কৰিছে । বিগত তিনি বছৰে ট্ৰাম্পে আমেৰিকাৰ মিত্ৰসকলক উপলুঙা কৰি অহাৰ লগতে বিৰোধিতা কৰি আহিছে আৰু নিজৰেই চোৰাংচোৱা সংস্থাসমূহক অস্বীকাৰ কৰি আহিছে । কিন্তু চিৰদিনৰ বাবে যুদ্ধ শেষ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া ট্ৰাম্পে এতিয়া তেওঁৰ নিজৰেই বহু সংখ্যক সমৰ্থকক বিবুদ্ধিত পেলাব পাৰে ।

ট্ৰাম্পে এক ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন এয়ে যে, তেওঁৰ পদক্ষেপে ইৰাণক ছায়া যুদ্ধক অদিক সম্প্ৰসাৰণ কৰিবলৈ বাধ্য কৰাব নেকি?

-সীমা শ্বিৰোহী ৱাশ্বংটনস্থিত এগৰাকী জ্যেষ্ঠ সাংবাদিক

আৰু পঢ়কঃ আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ প্ৰাসংগিক দিশবোৰ

Intro:Body:

Americans Brace for Attacks, Long Proxy War by Iran

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.