নেশ্যনেল ডেস্ক, 11 জুন : চাকৰি অথবা আয়ৰ অবিহনে ভাৰতৰ আধাসংখ্যক লোকেই এমাহতকৈ বেছিদিন সংগ্ৰাম কৰিব নোৱাৰিব ৷ লক ডাউনৰ লগতে অৰ্থনীতিত ব্যাঘাত জন্মাৰ ফলত বহুলোকে চাকৰি হেৰুওৱাৰ লগতে পৰিয়ালসমূহে কিমান দিনলৈ সংগ্ৰাম কৰিব পাৰিব সেই সম্পৰ্কত চিন্তাৰ উদ্বেগ হৈছে ৷
IANS CVoter Economic Battery Wave জৰীপ অনুসৰি, 28.2 শতাংশ পুৰুষে কয় যে, আয়ৰ অবিহনে তেওঁলোকে এমাহো জীয়াই থাকিবলৈ অসমৰ্থ ৷ আনহাতে, 20.7 শতাংশই কয় যে তেওঁলোকে এমাহ আয়ৰ অবিহনে জীয়াই থাকিব পাৰিব ৷ 10.7 শতাংশই কয় যে, তেওঁলোকে আয়ৰ অবিহনে 1 বছৰতকৈ অধিক সময় জীয়াই থাকিব পাৰিব ৷
এই জৰীপ জুনৰ প্ৰথম সপ্তাহত 1,397 জন লোকৰ ওপৰত কৰা হৈছিল ৷ এই লোকসকল দেশৰ 500 খন লোকসভা সমষ্টিৰ বাসিন্দা ৷ আনহাতে,মহিলাৰ ক্ষেত্ৰত 19.9 শতাংশই এমাহতকৈ কম সময় জীয়াই থাকিবলৈ সক্ষম হ'ব ৷ আনহাতে, 28.4 শতাংশই এমাহ সংগ্ৰাম কৰাৰ লগতে 11.5 শতাংশই এবছৰতকৈ অধিক সময় সংগ্ৰাম কৰিব পাৰিব ৷
এই ক্ষেত্ৰত বয়োজ্যেষ্ঠ লোকৰ সংগ্ৰামৰ হাৰ অধিক ৷ 60 আৰু ইয়াৰ অধিক বয়সৰ 19.2 শতাংশই এবছৰতকৈ অধিক সময় সংগ্ৰাম কৰিব পাৰিব ৷ 25-40 বছৰৰ লোকসকলৰ ক্ষেত্ৰত এই হাৰ অধিক কম ৷ 28.6 শতাংশই এমাহতকৈ কম সময় আয়ৰ অবিহনে সংগ্ৰাম কৰিব পাৰিব ৷
লগতে চাওকঃ ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাঃ এজনৰ অৱস্থা সংকটজনক