নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ প্ৰত্যেকখন জিলাক তিনিটা শ্ৰেণীত বিভক্ত কৰা হয় । বুধবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় চৰকাৰে ।
![কৰ'ণা ভাইৰাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6804656_547_6804656_1586961175414.png)
স্বাস্থ্য মন্ত্ৰণালয়ৰ সংযুক্ত সচিব লাভ আগৰৱালে সংবাদমেলযোগে কয় যে, "দেশৰ জিলাসমূহক তিনিটা ভাগত বিভক্ত কৰা হৈছে । সেয়া হৈছে.... Hotspot districts, non-hotspot আৰু Green zone districts .
লগতে কয় যে, কেন্দ্ৰীয় কেবিনেট সচিবে বুধবাৰে সকলো মুখ্য সচিব, ডিজিপি, স্বাস্থ্য সচিব, কালেক্টৰ, এছ.পি, নগৰ আয়ুক্ত আৰু চিএমঅ ৰ লগত ভিডিঅ' যোগে এই সন্দৰ্ভত বাৰ্তালাপ কৰে ।
উল্লেখ্য যে, মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা যিখন জিলাত আটাইতকৈ সৰ্বাধিক তাক হটস্পট জিলা হিচাপে অভিহিত কৰা হ'ব ।