নিউজ ডেস্ক, 20 মাৰ্চঃ শুকুৰবাৰে পুৱা 5.30 বজাৰ লগে লগে তিহাৰ কাৰাগাৰত ফাঁচী দিয়া হ'ল নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক ৷ 2012 চনৰ 16 ডিচেম্বৰত দক্ষিণ দিল্লীত 23 বছৰীয়া এগৰাকী ফিজিঅ'থেৰেপিষ্ট ইন্টাৰ্নিক চলিত বাছত দলৱদ্ধ ধৰ্ষণ কৰি গুৰুতৰভাৱে আঘাত কৰা হৈছিল ৷ ঘটনাৰ কিছু দিন পাছতে ছিংগাপুৰৰ এখন চিকিৎসালয় মৃত্যু হৈছিল নিৰ্ভয়া ৰূপে নামাকৰণ কৰা যুৱতীগৰাকীৰ ৷ বিগত 7 বছৰে কন্যাৰ ন্যায়ৰ বাবে যুঁজ দি আহিছে নিৰ্ভয়াৰ পৰিয়ালে ৷ শুকুৰবাৰে মাজনিশা তিহাৰ জেলত উপস্থিত হৈ উচ্চতম ন্যায়ালয়, ৰাষ্ট্ৰপতি, অধিবক্তাৰ লগতে দেশবাসীক ধন্যবাদ জনায় নিৰ্ভয়াৰ মাতৃয়ে ৷ চাৰি দোষীৰ ফাঁচীৰ পাছত সাংবাদিকৰ আগত নিজ কন্যাক কেতিয়াও ঘূৰাই নাপালেও তেওঁ এই ন্যায়ৰ যুঁজৰ ইমানতে সামৰণি নকৰি দেশৰ অন্য যুৱতীসকলৰ বাবে যুঁজ দি যাব বুলি মন্তব্য কৰে নিৰ্ভয়াৰ মাতৃয়ে ৷
উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ এছিয়াৰ সবাতোটকৈ ডাঙৰ জেল তিহাৰ জেলত চাৰিজনকৈ দোষীক একেলগে ফাঁচী দিয়া হ'ল ৷