ETV Bharat / bharat

মোডী আৰু অমিত শ্বাহে হিটলাৰৰ ৰূপ লৈ বিধেয়ক গৃহীত কৰিব বিচাৰে: হাফিজ ৰফিকুল ইছলাম - দিল্লীত AIUDF ৰ বিধেয়ক বিৰোধী প্ৰতিবাদ

বিজেপিয়ে লোকসভাত বিধেয়কখনৰ ক্ষেত্ৰত সফল হ'লেও ৰাজ্যসভাত আমি অন্য দলসমূহক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আৱেদন জনাম ৷

দিল্লী
হাফিজ ইছলামৰ বিধেয়ক বিৰোধী প্ৰতিবাদ
author img

By

Published : Dec 9, 2019, 5:33 PM IST

Updated : Dec 9, 2019, 5:58 PM IST

নিউজ ডেস্ক, 9 ডিচেম্বৰ: গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত বিধেয়কখনৰ বিৰোধিতাৰে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে AIUDF দলৰ নেতৃত্বৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ৷ সোমবাৰে বিধেয়কখনৰ বিৰোধিতা কৰি অসমীয়াৰ হকে থিয় দিয়ে জ্যেষ্ঠ AIUDF ৰ নেতা তথা অসম বিধানসভাৰ বিধায়ক ড0 হাফিজ ৰফিকুল ইছলামে ৷ বিধায়কগৰাকীয়ে বিধেয়কখনক অগণতান্ত্ৰিক বুলি মন্তব্য কৰি বিশাল জন সমৰ্থন উলিয়াই বিধেয়কখনৰ বিৰোধিতা কৰে ৷

হাফিজ ইছলামৰ বিধেয়ক বিৰোধী প্ৰতিবাদ

লগতে পঢ়ক: লোকসভাত উত্থাপন জাতিধ্বংসী কেবঃ LIVE NEWS

বিধায়কগৰাকীৰ ভাষ্য অনুসৰি " নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পূৰ্ণৰূপে অসম বিৰোধী ৷ এই বিধেয়কখন গৃহিত হ'লে অসমীয়া ভাষালৈ সংকটত অহাৰ লগতে অসমৰ সংস্কৃতি আৰু সভ্যতাও সম্পূৰ্ণৰূপে ধ্বংস হ'ব ৷ চৰকাৰে প্ৰথমে এন আৰ চি আনিলে,এন আৰ চি প্ৰায় প্ৰস্তুত হোৱাৰ লগে লগে চৰকাৰে বিধেয়কখন গৃহীত কৰিব বিচাৰিছে ফলস্বৰূপে এন আৰ চি সম্পূৰ্ণৰূপে অৰ্থহীন হৈ পৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰী সোণোৱালে গাদীৰ স্বাৰ্থত নাগপুৰ আৰু কেন্দ্ৰৰ আগত আঠু ল'লে ৷ অসমীয়াই 1971 চনৰ পিচৰ এজনো লোকে অসমত স্থান পোৱাটো নিবিচাৰে কিন্তু বিধেয়ক গৃহীত হ'লে প্ৰতিজন অসমীয়াই বহিৰাগতৰ স'তে নিজ অধিকাৰৰ ভাগ-বতৰা কৰিব লাগিব ৷"

ইয়াৰোপৰি হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰ আগত কয় যে "বিজেপিয়ে লোকসভাত বিধেয়কখনৰ ক্ষেত্ৰত সফল হ'লেও ৰাজ্যসভাত আমি অন্য দলসমূহক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আবেদন জনাম ৷ বিপক্ষৰ কংগ্ৰেছ দলেও এই বিধেয়কখনক অসংবিধানিক বুলি গণ্য কৰে ৷"

উল্লেখ্য যে, যিদিনা অমিত শ্বাহে লোকসভাত বিধেয়কখন উত্থাপন কৰিছিল উক্ত দিনটোত সদনৰ ভিতৰৰ লগতে বাহিৰতো প্ৰতিবাদৰ জোৱাৰ উঠিছিল ৷

Intro:New Delhi: As Home Minister Amit Shah on Monday introduced the Citizenship Amendment Bill (CAB) in the Lok Sabha, All India United Democratic Front (AIUDF) has vouched to launch a public support to oppose the bill.

Body:Senior AIUDF leader and sitting MLA in the Assam Assembly Hafiz Rafikul Isalm termed the bill as undemocratic.

"The Bill violates the basis character of the constitution. This is an anti-Assam Bill. Government had earlier did NRC in Assam and now this bill even violates the basis character of NRC" said Islam.

The AIUDF members staged a protest demonstration opposing CAB at Delhi's Jantar Mantar.

Islam said that BJP Government might make its way in the Lok Sabha for the bill "but in Rajya Sabha we appeal all the non-BJP parties to oppose the bill."

Conclusion:On the day when Home Minister Amit Shah intricuded the CAB in the Lok Sabha protest marked the day both inside the House and outside Parliament.

The opposition Congress also termed the bill as unconstitutional.

As per the CAB, people from religious communities like Hindu, Buddhist, Sikh, Jain, Christian and Parsi who have migrated to India till December 2014 following religious persecution in Bangladesh, Pakistan and Afghanistan may apply for Indian citizenship.

end.
Last Updated : Dec 9, 2019, 5:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.