ETV Bharat / bharat

ধুঁৱলী-কুঁৱলী দিল্লীৰ আকাশ : 32 বিমানৰ গতিপথ সলনি - 32 বিমানৰ গতিপথ সলনি হ'ল দিল্লীত

দিল্লীৰ আকাশ নিম্ন দৃশ্যমানৰ হোৱা বাবে দেওবাৰে বিমান চলাচলত প্ৰভাৱ পৰা দেখা গ'ল ৷ 32 খনকৈ বিমানৰ গতিপথ সলনি কৰিলে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ৷

বায়ু প্ৰদূষণৰ ফলত 32 বিমানৰ গতিপথ সলনি
author img

By

Published : Nov 3, 2019, 3:08 PM IST

নেশ্বনেল ডেস্ক, 3 নৱেম্বৰ : দেওবাৰে বিয়লিৰ পৰা দিল্লীৰ আকাশ নিম্ন দৃশ্যমানৰ হোৱা বাবে বিমান চলাচলত প্ৰভাৱ পৰা দেখা গ'ল ৷ 32 খনকৈ বিমানৰ গতিপথ সলনি কৰিলে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ৷ নতুনকৈ ঘোষণা কৰা বিমানৰ সময় তথা অন্যান্য তথ্য সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈও যাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে ৷

দেশৰ ৰাজধানীত বায়ুৰ গুণগত মানদণ্ড নিকৃষ্ট পৰ্যায়ৰ বুলি ঘোষণা হোৱাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ডাঠ ধুঁৱাই দিল্লীৰ বায়ুমণ্ডল আৱৰি ধৰাৰ লগতে দিল্লীবাসীয়ে স্বাস্থ্যজনিত সমস্যাতো ভূগিছে ৷

ধুঁৱলী-কুঁৱলী দিল্লীৰ আকাশ
দিল্লীত বায়ু প্ৰদূষণ

আনহাতে, দেওবাৰৰ পুৱা 10 বজাৰ পৰা দিল্লীত বায়ু প্ৰদূষণৰ সূচী(Air Quality Index) সৰ্বাধিক 625 হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, 500 তকৈ অধিক বায়ু প্ৰদূষণৰ সূচী হ'লে ইয়াক 'গম্ভীৰ তথা জৰুৰীকালীন' বুলি গণ্য কৰা হয় ৷ ধীৰপুৰত 509, দিল্লী বিশ্ববিদ্যালয়ত 591, বিখ্যাত চান্দনী চৌকত 432 আৰু লোধী অঞ্চলত 537 বায়ু প্ৰদূষণৰ সূচী (AQI) প্ৰত্যক্ষ কৰা হৈছে ৷

ধুঁৱলী-কুঁৱলী দিল্লীৰ আকাশ
দিল্লীত বায়ু প্ৰদূষণ

আৰু পঢ়ক : দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হ'ব উত্তৰ-পূৱ ভাৰত : মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.