ETV Bharat / bharat

COVID-১৯ ৰ পৰীক্ষণত বিলম্ব, স্থগিত "বন্দে ভাৰত" মিচন ! - বৃহস্পতিবাৰৰ পৰা আৰম্ভ বন্দে ভাৰত মিচন

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব "বন্দে ভাৰত" মিচন । পূৰ্বতে বুধবাৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল এই মিচনৰ অধীনত চলাচল কৰিবলগীয়া বিমান সমূহৰ উৰণ ।

Air India's repatriation flights postponed as crew members' COVID-19 tests get delayed

author img

By

Published : May 7, 2020, 9:42 AM IST

নতুন দিল্লী, ৭ মে': বিমানৰ ক্ৰীউ সদস্যৰ COVID-১৯ ৰ পৰীক্ষণত বিলম্ব হোৱাৰ বাবেই স্থগিত কৰা হ'ল বন্দে ভাৰত মিচনৰ অধীনত চলিবলগীয়া বিমান সেৱা । বুধবাৰৰ সলনি এতিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব এই মিচনৰ কাম ।

বন্দে ভাৰত মিচন হৈছে কৰ'ণা ভাইৰাছৰ বাবে ঘোষণা কৰা লক্ ডাউনত বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোক সকলক স্বদেশলৈ ঘূৰাই অনাৰ এক অভিযান ।

পোন প্ৰথমে বুধবাৰে দিল্লীৰ পৰা চান ফ্ৰান্সিস্কোলৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমান পুৱা ৩.৩০ বজাত আৰু দ্বিতীয়খন বিমান মুম্বাইৰ পৰা লণ্ডনলৈ পুৱা ৬.৩০ বজাত উৰা মৰাৰ কথা আছিল । কিন্তু পিচত শুকুৰবাৰলৈ এই কাৰ্যসূচী স্থানান্তৰ কৰা হয় । এতিয়া শুকুৰবাৰে লণ্ডনলৈ যাবলগীয়া বিমানখন পুৱা ৬.৩০ বজাত আৰু চান ফ্ৰান্সিস্কোলৈ পুৱা ৩.৩০ বজাত উৰা মাৰিব বুলি জানিবলৈ দিয়া হৈছে । সময় মতে বিমানৰ চালক, সদস্য় সকলৰ COVID-১৯ ৰ পৰীক্ষা নকৰাৰ ফলতেই ৪৮ ঘণ্টালৈ স্থগিত কৰা হয় বিমান সমূহৰ চলাচল ।

অৱশ্যে এয়াৰ ইণ্ডিয়াৰ ছিংগাপুৰলৈ যাবলগীয়া বিমানখন দিল্লীৰ পৰা বৃহস্পতিবাৰে নিশা ১১.১৫ বজাত নিৰ্ধাৰিত সময়-সূচী অনুসৰিয়ে উৰা মাৰিব বুলি উল্লেখ কৰা হৈছে । কিন্তু ইয়াৰ বাহিৰে বৃহস্পতিবাৰে উৰা মাৰিব লগীয়া অন্যান্য বিমান সেৱা সমূহো শুকুৰবাৰলৈ স্থগিত কৰা হৈছে ।

চেন্নাইৰ পৰা কুৱালালামপুৰলৈ যাবলগীয়া বিমানখনো এতিয়া শুকুৰবাৰে পুৱা ৮.৩০ বজাত উৰা মাৰিব । পূৰ্বতে বৃহস্পতিবাৰে পুৱা ৯ বজাত ইয়াৰ সময়-সূচী নিৰ্ধাৰণ কৰা হৈছিল ।

ভাৰতীয় বিমানচালনাৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ঘোষণা কৰিছিল যে, এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ ৭ মে'ৰ পৰা ১৩ মে'লৈ ৬৪ খন বিমানৰ চলাচল কৰিব । য'ত ১২ খন দেশৰ প্ৰায় ১৫,০০০ হাজাৰ ভাৰতীয় লোকক লক্ ডাউনৰ মাজত উদ্ধাৰ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.