ETV Bharat / bharat

COVID-19ত আক্ৰান্ত দিল্লী-ছিডনীমুখী বিমানৰ পাইলট

দিল্লী-ছিডনী বিমানৰ পাইলট আক্ৰান্ত COVID-19 ত l শনিবাৰে পাইলটজন কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি এয়াৰ ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে ৷

দিল্লী-ছিডনী বিমানৰ পাইলট আক্ৰান্ত COVID-19 ত
COVID-19ত আক্ৰান্ত দিল্লী-ছিডনীমুখী বিমানৰ পাইলট
author img

By

Published : Jun 23, 2020, 11:06 AM IST

নেশ্যনেল ডেস্ক, 23 জুন : দিল্লীৰ পৰা ছিডনীত গৈ এখন এয়াৰ ইণ্ডিয়াৰ বিমান উপস্থিত হোৱাৰ পাচতে COVID-19 ত আক্ৰান্ত হ'ল এজন পাইলট ৷ সোমবাৰে এয়াৰলাইনৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰদান কৰে এই তথ্য ৷ শনিবাৰে পাইলটজন কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

এয়াৰ ইণ্ডিয়াৰ পাইলট
COVID-19ত আক্ৰান্ত দিল্লী-ছিডনীমুখী বিমানৰ পাইলট

বিষয়াগৰাকীয়ে কয়, "16 জুনত তেওঁক পৰীক্ষা কৰা হৈছিল আৰু নিগেটিভ লাভ কৰা হৈছিল ৷ সেয়েহে 20 জুনৰ দিনা তেওঁক দিল্লী-ছিডনী বিমান উৰণৰ বাবে অনুমতি প্ৰদান কৰা হয় ৷ বিমান উৰণৰ পূৰ্বেও তেওঁৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ কিন্তু,ছিডনীত বিমানখনে অৱতৰণ কৰাৰ পাচতে তেওঁক পজিটিভ ঘোষণা কৰা হয় ৷"

ইয়াৰ পাচতে তেওঁৰ সৈতে দুজন বিমান কৰ্মীক ছিডনীত কোৱাৰেন্টাইন কৰা হৈছে ৷ আনহাতে,কেবিন কৰ্মী আৰু যাত্ৰীসকল পাইলটৰ সংস্পৰ্শলৈ অহা নাই সেয়েহে তেওঁলোকক কোৱাৰেন্টাইন কৰা হোৱা নাই ৷

এয়াৰ ইণ্ডিয়াৰ প্ৰট'কল অনুসৰি,বিমানৰ উৰণৰ পূৰ্বে COVID-19 পৰীক্ষণ কৰাটো বাধ্যতামূলক ৷ ইয়াৰ বাবে কেবিন কৰ্মীসকলে বিমান উৰণৰ পাঁচদিন পূৰ্বে COVID-19 পৰীক্ষা কেন্দ্ৰসমূহত নমুনা পৰীক্ষা কৰোৱাব লাগে ৷ সেই অনুসৰি,পাইলটজনৰ পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁক নিগেটিভ পোৱা বাবে বিমান চলাবলৈ অনুমতি দিয়া হৈছিল ৷ কিন্তু,বিমান উৰণৰ দিনা পুনৰ কিয় তেওঁৰ পৰীক্ষা কৰা হৈছিল সেই সংম্পৰ্কত সঠিক তথ্য লাভ কৰিব পৰা হোৱা নাই ৷

উল্লেখ্য যে,পাইলটজনে উৰণ সম্পন্ন কৰা এই বিমানখন বন্দে ভাৰত মিছনৰ অন্তৰ্গত আছিল ৷ ইয়াৰ জৰিয়তে বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে ভাৰতীয় চৰকাৰে ৷ ইয়াৰ অধীনতে এই বিমানে দিল্লীৰ পৰা গৈ ছিডনীত উপস্থিত হৈছিলগৈ ৷

লগতে পঢ়ক : জম্মু কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী: শ্বহীদ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.