ETV Bharat / bharat

গান্ধীজয়ন্তী উপলক্ষে এয়াৰ ইণ্ডিয়াৰ বিশেষ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Oct 2, 2019, 5:47 PM IST

মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে দেশৰ চৰকাৰী বিমান পৰিবহন সংস্থাই প্ৰদান কৰে বিশেষ শ্ৰদ্ধাঞ্জলি ৷ দেশৰ চৰকাৰী বিমান পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়াই ইয়াৰ অধীনস্থ এয়াৰবাছ A319 আৰু A320 ৰ পিছফালৰ ৱিংছত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি খোদিত কৰি বিমানসেৱা আৰম্ভ কৰে ৷

মহাত্মা গান্ধীলৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, 2 অক্টোবৰঃ দেশৰ চৰকাৰী খণ্ডৰ বিমান পৰিবহনকাৰী সংস্থা এয়াৰ ইণ্ডিয়াই জাতিৰ পিতালৈ বিশেষ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ৷ মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তীৰ দিনটোত সংস্থাটোৱে ইয়াৰ অন্তৰ্গত VT-CIO A320 বিমানৰ পিছফালৰ ৱিংছত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি অংকন কৰি বিমানসেৱা আৰম্ভ কৰে ৷

উল্লেখ্য যে, দেশৰ একমাত্ৰ চৰকাৰী বিমান পৰিবহন সংস্থাটোৱে চলিত বৰ্ষৰ আৰম্ভনিতে এয়াৰবাছ A319 আৰু A320 ৰ পিছফালৰ ৱিংছত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি খোদিত কৰাইছিল ৷ গান্ধীজয়ন্তীৰ দিনটোতে বিমান পৰিবহনকাৰী সংস্থাটোৱে ইয়াৰ VT-CIO A320 বিমানৰ পিচফালে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি অংকন কৰি দিল্লী আৰু মুম্বাইৰ মাজত উৰণ সম্পন্ন কৰে ৷ আনহাতে গান্ধী জয়ন্তীৰ দিনটোতে এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলে বিভিন্ন চাফাই কাৰ্যসূচীটো অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

আনহাতে চৰকাৰী খণ্ডৰ লগতে বেচৰকাৰী খণ্ডৰ বিমান পৰিবহন সংস্থায়ো মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী বিশেষৰূপে উদযাপন কৰে ৷ দেশৰ অন্যতম বেচৰকাৰী বিমান পৰিবহন সংস্থা ভিষ্টাৰা এয়াৰলাইনছে বিশেষ ধৰনে উদযাপন কৰে আজিৰ দিনটো ৷ বিমান পৰিবহনকাৰী সংস্থাটোৱে গান্ধীজয়ন্তী উপলক্ষে 'BE THE CHANGE @ 30,000 FEET' নামে এক কাৰ্যসূচী মুকলি কৰে ৷ ইয়াৰ অধীনত বিমান পৰিবহনকাৰী সংস্থাটোৰ সৈতে ভ্ৰমণ সম্পন্ন কৰা যাত্ৰীসকলে লাভ কৰিব একোখনকৈ পোষ্টকাৰ্ড ৷ উক্ত পোষ্টকাৰ্ডত যাত্ৰীসকলে অনুভৱ কৰা যিকোনো সামাজিক উন্নয়নমুলক কামৰ বিষয়ে লিখি তাক কোম্পানীলৈ প্ৰেৰণ কৰিব পাৰিব ৷ বিমান পৰিবহনকাৰী সংস্থাটোৱে যাত্ৰীৰ পৰা লাভ কৰা পোষ্টকাৰ্ডৰ ভিত্তিতে অধিক উল্লেখনীয় হিচাপে গৃহীত হোৱা সামাজিক উন্নয়নমুলক কামটো নিজে সম্পাদন কৰিব ৷

অধিক পঢ়কঃ গান্ধীজীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে ETV BHARATৰ বিশেষ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হয় মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী ৷

Intro:Body:

[10/2, 9:40 AM] +91 95655 91489: Air india is celebrating Gandhi Jayanti in a unique way. The tail of VT-CIO A 320 aircraft has Gandhiji’s photo on it.

[10/2, 11:01 AM] +91 95655 91489: It will be operated between Delhi-Mumbai today and may reach Mumbai by 3.30pm.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.