ETV Bharat / bharat

প্লাজমা থেৰাপিৰ ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰিবলৈ সাজু এইমছ - প্লাছমা থেৰাপি

কোভিড-১৯ৰ মাজতে সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছে প্লাজমা থেৰাপিৰ ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰিবলৈ আগবাঢ়িছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্লাজমা থেৰাপি এতিয়াও পৰীক্ষণমুলক স্তৰতে আছে বুলি প্ৰকাশ কৰিছে আৰু ই কোভিড-১৯ৰ সম্ভাব্য চিকিৎসা হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

প্লাছমা থেৰাপিৰ ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰিবলৈ সাজু এইমছ

author img

By

Published : Apr 29, 2020, 2:25 PM IST

Updated : Apr 29, 2020, 2:32 PM IST

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানে সম্ভৱপৰ হৈ উঠিব পৰা প্লাজমা থেৰাপিৰ ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰিবলৈ আগবাঢ়িছে । ইয়াৰ বাবে ইতিমধ্যে ভাৰতৰ Drug Controller Generalৰ পৰা যাৱতীয় অনুমতি লাভ কৰিছে এইমছে ।

এইমছৰ সঞ্চালক ডাঃ ৰনদীপ গুলেৰিয়াই কয় যে, এই স্বাস্থ্য়বিধিটো এতিয়াও পৰীক্ষণৰ স্তৰতে আছে আৰু ইয়াৰ অন্তৰালত গৱেষণামুলক পৰীক্ষণৰ প্ৰয়োজন আছে যাৰ দ্বাৰা ইয়াক কৰ'ণা ভাইৰাছৰ ৰোগীৰ চিকিৎসাৰ বাব ব্যৱহাৰ কৰিব পৰা যাব । ইয়াৰ বাবে এইমছে ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাৰ সৈতে কাম কৰি আছে ।

দেশৰ সকলো স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে এইধৰণৰ গৱেষণা তথা পৰীক্ষণ সম্পন্ন কৰাৰ পূৰ্বে আইচিএমআৰ আৰু ডিচিজিৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক কৰি দিয়া হৈছে ।

এইমছৰ আন এগৰাকী অধ্যাপক ডাঃ নিৰাজ নিশ্চলেও একেই কথাই উল্লেখ কৰি প্লাজমা থেৰাপিৰ সপক্ষে মতপ্ৰকাশ কৰিছে । অৱশ্যে প্লাজমা থেৰাপি ব্যৱহাৰ কৰাৰ পূৰ্বে কোভিড-১৯ৰ পৰা সুস্থ হৈ উঠা ব্যক্তিগৰাকীৰ প্লাছমাত পৰ্যাপ্ত পৰিমানৰ এন্টিবডি আছে নে নাই তাক নিশ্চিত কৰাটো সমানে গুৰুত্বপূৰ্ণ তথা আৱশ্যকীয় ।

মঙলবাৰে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, শেহতীয়াকৈ প্লাজমা থেৰাপি পৰীক্ষণমুলক স্তৰতে আছে আৰু ইয়াক কোভিড-১৯ ৰোগীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰাকৈ তেনে কোনো বিশ্বাসনীয় দিশ এতিয়ালৈকে পোৱা হোৱা নাই ।

লগতে পঢকঃ প্লাজমা থেৰাপি : এক অনুমান,ভাল আৰু বেয়া দিশ

Last Updated : Apr 29, 2020, 2:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.