ETV Bharat / bharat

কৰ'ণা ৰোগীৰ বাবে সমৰ্পিত বিহাৰৰ পাটনাস্থিত AIIMS হাস্পতাল

author img

By

Published : Jul 11, 2020, 6:28 PM IST

বিহাৰৰ স্বাস্থ্য বিভাগে শনিবাৰে পাটনাস্থিত AIIMS হাস্পতালক মহামাৰী COVID-19 আক্ৰান্ত ৰোগীৰ বাবে সমৰ্পণ কৰে । পাটনাৰ নালন্দা মেডিকেল কলেজ আৰু হাস্পতালৰ পাচতে মহামাৰী COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে সমৰ্পণ কৰা এইখন দ্বিতীয়খন হাস্পতাল ।

কৰ'ণা ৰোগীৰ বাবে সমৰ্পিত বিহাৰৰ পাটনাস্থিত AIIMS হাস্পতাল
কৰ'ণা ৰোগীৰ বাবে সমৰ্পিত বিহাৰৰ পাটনাস্থিত AIIMS হাস্পতাল

নিউজ ডেস্ক, ১১ জুলাইঃ বিহাৰৰ পাটনাস্থিত AIIMS হাস্পতালক মহামাৰী COVID-19 আক্ৰান্ত ৰোগীৰ বাবে সমৰ্পণ কৰে বুলি শনিবাৰে সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে । নালন্দা মেডিকেল কলেজ আৰু হাস্পতালৰ পাচত পাটনাত মহামাৰী COVID-19ৰ বাবে সমৰ্পণ কৰা এইখন দ্বিতীয় হাস্পতাল ।

আনহাতে, বিহাৰত বিগত ২৪ ঘণ্টা তথা শুকুৰবাৰে মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ৩৫২ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত বিহাৰত কৰ'ণা আক্ৰান্ত সংখ্যা ১৪,৩৩০ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে স্বাস্থ্য বিভাগে। এই আক্ৰান্ত ৰোগীসকলৰ ভিতৰত ইতিমধ্যে ৯,৭৯২ গৰাকী ব্য়ক্তি আৰোগ্য হৈ উঠিছে। আনহাতে, এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১১ গৰাকী লোকৰ ।

তাৰোপৰি মহামাৰী COVID-19ৰ বাবে পাটনা, ভাগলপুৰ, পূৰ্বী ছম্পাৰণ, পশ্চিম ছম্পাৰণ, নবাদা, নালান্দা, জহানাবাদ,বেগুছৰায়,অৰৰিয়া আৰু কিষানঞ্জত বিভিন্ন নীতি-নিয়ম বান্ধি দিয়ে ৰাজ্য চৰকাৰে । লগতে বিভিন্ন জিলাত বৰ্তমানেও লক ডাউনৰ মাজতে ৰখা হৈছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।

লগতে চাওকঃ অখিল গগৈঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.