ETV Bharat / bharat

হাইদৰাবাদত উপস্থিত কুৱেইটত আৱদ্ধ 163 গৰাকী ভাৰতীয়

author img

By

Published : May 10, 2020, 4:44 PM IST

হাইদৰাবাদত উপস্থিত কুৱেইটত আৱদ্ধ 163 গৰাকী ভাৰতীয় ৷ শনিবাৰে নিশা হাইদৰাবাদ বিমান বন্দৰত অৱতৰণ কৰে এই লোকসকলে ৷

ভাৰত চৰকাৰৰ 'বন্দে ভাৰত মিছন'
হাইদৰাবাদত উপস্থিত কুৱেইটত আৱদ্ধ 163 ভাৰতীয়

নেশ্যনেল ডেস্ক, 10 মে' : কুৱেইটত আৱদ্ধ 163 ভাৰতীয়ক উদ্ধাৰ কৰি হাইদৰাবাদ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত শনিবাৰে নিশা উপস্থিত হ'ল এয়াৰ ইণ্ডিয়াৰ এখন বিমান ৷ ভাৰত চৰকাৰৰ 'বন্দে ভাৰত মিছন'ৰ অধীনত এই লোকসকলক কুৱেইটৰ পৰা AI 988 বিমানে দেশলৈ প্ৰত্যাৱৰ্তন কৰা হয় ৷

হাইদৰাবাদ বিমান কৰ্তৃপক্ষই জনাই যে, যাত্ৰীসকল আৰু ক্ৰীউ সদস্যৰ সুবিধাৰ্থে সমগ্ৰ বিমান বন্দৰ ছেনিটাইজ কৰি ৰখা হৈছিল ৷ ইয়াৰোপৰি, সামাজিক দূৰত্বৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল ৷

এই লোকসকলক থাৰ্মেল কেমেৰাৰ জৰিয়তে স্ক্ৰীনিং কৰা হয় ৷ আনহাতে, যাত্ৰী আৰু বিমান বন্দৰৰ কৰ্মচাৰীৰ মাজত সংস্পৰ্শ ৰোধ কৰিবৰ বাবে বিমান বন্দৰৰ কাউন্টাৰ সমূহত গ্লাছ ছিল্ড প্ৰদান কৰা হয় ৷

এই যাত্ৰীসকলে বিভিন্ন অঞ্চলত কোৱাৰান্টাইনত থাকিব লাগিব বুলি সূত্ৰত প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.