ETV Bharat / bharat

৫০০০ হাজাৰ কৰ'ণা আক্ৰান্তৰ কাষ চাপিছে আহমেদাবাদ !

author img

By

Published : May 8, 2020, 10:15 AM IST

বিগত ২৪ ঘণ্টাত অভিলেখ সংখ্যক ২৭৫ টা নতুন ঘটনাৰে গুজৰাটৰ আহমেদাবাদত কৰ'ণা আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পাই হ'লগৈ ৪,৯৯১ গৰাকী । বৰ্তমানলৈকে জিলাখনত মৃত্যু হৈছে ৩২১ গৰাকী লোকৰ ।

Ahmedabad records 275 new coronavirus cases; tally nears 5000

আহমেদাবাদ, ৮ মে': গুজৰাটৰ আহমেদাবাদত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । লক্ ডাউনৰ মাজতো বিগত ২৪ ঘণ্টাৰ ভিতৰত পোহৰলৈ আহিছে নতুনকৈ ২৭৫ টাকৈ ঘটনা । ফলস্বৰূপে বৃহস্পতিবাৰে জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৪,৯৯১ গৰাকী । আনহাতে একে সময়ছোৱাত মৃত্যু হৈছে ২৩ গৰাকী লোকৰ । বৰ্তমানলৈকে জিলাখনত মৃত্যুৰ সংখ্যা ৩২১ জনলৈ বৃদ্ধি পাইছে ।

গুজৰাট ৰাজ্যখনৰ ভিতৰতে এই ভাইৰাছত আটাইতকৈ বেছি প্ৰভাৱিত হোৱা জিলাৰ ভিতৰত অন্যতম হৈছে আহমেদাবাদ । গুজৰাটত বৰ্তমানলৈকে ৭,০১৩ গৰাকী লোক আক্ৰান্ত হৈছে । ইয়াৰে আহমেদাবাদ জিলাতেই আক্ৰান্ত সংখ্যা হৈছে ৪,৯৯১ গৰাকী । অৱশ্যে জিলাখনত নতুনকৈ ১০৮ গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানলৈকে জিলাখনত মুঠ ৮৮৬ গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.