ETV Bharat / bharat

ক’ভিড-১৯ ৰ সময়ত কৃষি ! - corona virus

“SARS-CoV-2” নামৰ এক ধ্বংসকাৰী ভাইৰাছৰ কবলত পৰি মানৱ জাতি আজি সংকটত । ভাইৰাছটোতকৈ পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে ই সৃষ্টি কৰা বেমাৰটো ক’ভিড-১৯ এ কুখ্যাতি লাভ কৰিছে ।

Agriculture in the time of COVID-19
Agriculture in the time of COVID-19
author img

By

Published : Mar 19, 2020, 1:03 PM IST

অৰ্থনীতি নিম্নমুখী হোৱাৰ লগতে ভয়ে আমাৰ সংবাদ মাধ্যম আৰু বাট-পথ আৱৰি ধৰিছে । এই কৰ’না ভাইৰাছৰ সময়ত হাঁচিওৱা বা কাহ মৰাটো চিন্তাৰ কাৰণ হৈ পৰিছে । এই গোলকীয় পেণ্ডেমিকক নিয়ন্ত্ৰণ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু আন দেশৰ চৰকাৰসমূহৰ লগতে ভাৰত চৰকাৰেও চেষ্টা অব্যাহত ৰাখিছে । কিন্তু আমাৰ কেউপিনে ভাবুকিয়ে আৱৰি আছে । চীনৰ দৰে এক বিশ্ব শক্তিয়েই এই বেমাৰৰ চিকাৰ হৈছে, ইৰান ইয়াৰ দ্বাৰা বিধ্বস্ত হৈছে তেনেস্থলত ক’ভিড-১৯ এ ভাৰত বা দক্ষিণ এছিয়াৰ দেশসমূহক সৰ্বশক্তিৰে আক্ৰমণ কৰিলে বিধ্বস্ত কৰিবলৈ কেইটামান দিনৰহে প্ৰয়োজন হ’ব ।

Agriculture in the time of COVID-19
ক’ভিড-১৯ ৰ ভয়ে ভাৰত আৰু বিশ্বক গ্ৰাস কৰিছে

ভয়াৱহতাৰ পূৰ্বেই ক’লা বজাৰত নতুন সামগ্ৰী যেনে—মুখা, চাবোন, ডিছইনফেকটেন্ট আদি বিক্ৰী হৈ আছে । মানুহবোৰে সামগ্ৰীবোৰ যিমান পাৰে সংগ্ৰহ কৰিছে কিয়নো এই ভাইৰাছৰ ফলত বিশ্বত অচলাৱস্থাই বিৰাজ কৰাৰ দিশে অগ্ৰসৰ হৈছে । ক’ভিড-১৯ ৰ ভয়ে ভাৰত আৰু বিশ্বক গ্ৰাস কৰিছে । এই ভয় কৰ’না ভাইৰাছতকৈ অধিক ভাবুকি স্বৰূপ । শীঘ্ৰে ক’লা বজাৰৰ দখললৈ যাব অত্যাৱশ্যকীয় ঔষধ, খাদ্য ইত্যাদি । আশংকা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কৃষি খণ্ড আৰু বীজো ব্যৱহাৰ কৰা হ’ব ।

Agriculture in the time of COVID-19
ধ্বংসকাৰী ভাইৰাছৰ কবলত পৰি মানৱ জাতি আজি সংকটত

আমাৰ অস্তিত্বৰ ৰাজহাড় হৈছে কৃষি । বৰ্তমান আমাৰ খেতি-বাতিৰ অধিকাংশই মানসম্পন্ন বীজ বা বিশ্বজুৰি সংগঠিত বীজ খণ্ডৰ ওপৰত নিৰ্ভৰ কৰে । আমাৰ খাদ্য উৎপাদনো কৃষি শ্ৰমিকৰ মানৱ সম্পদৰ উপলব্ধতা, বীজ, সাৰ আদি কৃষিজাত সামগ্ৰীৰ মুকলি চলাচল আদিৰ ওপৰত নিৰ্ভৰ কৰে । এই দুয়োটাই বৰ্তমান সময়ত সীমাবদ্ধ । ইউৰোপীয়ান ইউনিয়নৰ পাছত আমেৰিকাই সীমান্ত ছীল কৰিছে । এতিয়া পৃথিৱী জুৰি ভিছাবোৰ বাতিল কৰা হৈছে আৰু মানুহৰ চলাচলত বাধা আৰোপ কৰা হৈছে । আনকি দেশৰ ভিতৰতে মানুহে যাত্ৰা কৰিবলৈ ভয় কৰিছে আৰু ভিৰৰ পৰা দূৰত আছে । ভিয়েটনামৰ পৰা ইটালীলৈকে বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হৈছে আৰু ৰাস্তাবোৰ জনশূন্য হৈ পৰিছে । এই পৰিৱেশে মাথো কৃষিখণ্ডৰ লগত জড়িত মানুহৰ অভাৱ সৃষ্টি কৰিব । এইবাৰ কৃষি শ্ৰমিকৰ পাৰিশ্ৰমিকৰ মূল্য বৃদ্ধি হ’ব পাৰে খাদ্য উৎপাদনৰ খৰচ বৃদ্ধি হোৱা আমি দেখা পাব পাৰোঁ । হাঁহ-কুকুৰাৰ ক্ষেত্ৰত এই ভাবুকি অধিক গুৰুতৰ । কিয়নো দিল্লীকে ধৰি বিভিন্ন স্থানত কুকুৰাৰ দাম হ্ৰাস পাইছে । যিহেতু সকলোৰে মাজত ভয়ৰ সৃষ্টি হৈছে শ্ৰমিকসকলে হাঁহ-কুকুৰাৰ ফাৰ্মত কাম কৰিবলৈ আৰু বেছি অনিচ্ছুক হৈ পৰিব ।

Agriculture in the time of COVID-19
ক’ভিড-১৯ এ কেৱল আমাৰ স্বাস্থ্যৰ ক্ষতি নকৰে

বিশ্বৰ বীজ খণ্ডটো উৎপাদনকাৰী অঞ্চলসমূহৰ এক যোগান শৃংখলৰ ওপৰত বৰ্তি থাকে আৰু কোনো এখন দেশেই স্বতন্ত্ৰ নহয় । বন্দৰবোৰ বন্ধ হৈ থকা তথা বীজৰ যোগান ব্যাহত হৈ পৰাৰ ফলত এই বৰ্ষৰ শেষৰ ফালে কৃষি উৎপাদন ক্ষতিগ্ৰস্ত হ’ব । বিশ্বজুৰি মেইজ, সূৰ্যমুখী, ছয়াবিন,কেনোলা, বাৰ্লি, শাক-পাচলি আদিৰ খেতি কৰাৰ বাবে মাৰ্চ আৰু এপ্ৰিল অতিকৈ গুৰুত্বপূৰ্ণ সময় । ভাৰততো শীঘ্ৰে খাৰিফ শস্যৰ বতৰ আৰম্ভ হ’ব । যদি বীজৰ যোগান দেৰি হোৱাৰ বাবে বা বীজ নোহোৱা বাবে খেতিয়কসকলে সময়মতে খেতি কৰিব নোৱাৰে তেনেহ’লে এই বৰ্ষৰ শেষৰ ফালে খাদ্যৰ অভাৱ বা খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাটো নিশ্চিত । যদিও শেহতীয়া এক বিবৃতিত ইণ্টাৰনেশ্যনেল ছিড ফেডাৰেশ্বনে ই এফ এছ এ, চি ডি এ চি ডি চি আৰু বি এফ আৰ নামৰ সংস্থাকেইটাৰ উল্লেখেৰে কৈছে যে ভাইৰাছ সংক্ৰমণ হোৱাৰ মাধ্যম খাদ্য বা বীজ হয় বুলি এতিয়ালৈকে কোনোধৰণৰ প্ৰমাণ পোৱা নাই । গতিকে খাদ্য যে ভাইৰাছ সংক্ৰমণৰ মাধ্যম হয় সেই বিষয়ে এতিয়াও কোনো প্ৰমাণ নাই । সেয়ে আমি চিন্তিত হোৱাৰো কাৰণ নাই ।

ভয় কেৱল ভয় :

এয়া কঠিন সময় । এই সময়ত সাহস আৰু সত্যৰ প্ৰয়োজন । আমি তথ্যপূৰ্ণ আৰু বিজ্ঞানভিত্তিক সিদ্ধান্ত ল’ব লাগে যাতে ক’ভিড-১৯ এ কেৱল আমাৰ স্বাস্থ্যৰ ক্ষতি নকৰে, কৃষিৰো ক্ষতি কৰিব । ভাৰত চৰকাৰৰ লগতে বিশ্বৰ আন দেশৰ চৰকাৰসমূহে বীজকে ধৰি কৃষিজাত সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব নালাগে । পৰিবহনত জড়িত কৰ্মীসকলৰ স্বাস্থ্য আৰু নিৰাপত্তাৰ প্ৰতি বীজ প্ৰতিষ্ঠান আৰু আমদানকাৰীসকলে দায়িত্ব গ্ৰহণ কৰিব লাগে । পৰিবহন কৰা সামগ্ৰী আৰু মানুহৰ স্কীনিঙৰ বাবে অনাগত কেইটামান মাহ বন্দৰৰ কৰ্তৃপক্ষৰ বাবে ব্যস্ততাপূৰ্ণ হ’ব। এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হ’ব । সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই সাধাৰণ ৰাইজ তথা কৰ্মচাৰীক সজাগ কৰিবলৈ তেওঁলোকৰ নিৰ্দেশাৱলীৰ প্ৰচাৰ কৰিব লাগে । বীজ পৰিবহনৰ ফলত ভাইৰাছ বিয়পাৰ যিহেতু সম্ভাৱনা নাই গতিকে বীজ পৰিবহন বন্ধ বা বিলম্ব কৰিব নালাগে । বিশ্বই এই সংকটৰ সময়ত একত্ৰিত হ’ব লাগে । কেৱল কৰ’নাভাইৰাছৰ বিৰুদ্ধেই নহয়, ইয়াৰ ভয়ৰ বিৰুদ্ধেও যুঁজ দিব লাগিব ।

--লেখক ইন্দ্ৰ শেখৰ সিং নেশ্যনেল ছীড এশ্বচিয়েশ্বন অৱ্ ইণ্ডিয়াৰ পলিচী এণ্ড আউটৰীচৰ সঞ্চালক

লগতে পঢ়ক : COVID 19ৰ প্ৰভাৱঃ দাম হ্ৰাস পোৱাৰ পিছটো চাহিদা হ্ৰাস পেট্ৰ'ল,ডিজেলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.