কলিকতা, 29 মে': বিগত ২৩ মে'ত ঘোষণা হোৱা লোকসভা নিৰ্বাচনত পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ পাছত এতিয়া কাব্যচৰ্চাত ব্যস্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷
নিজৰ টুইটাৰ হেণ্ডেলত বাংলাৰ লগতে হিন্দী আৰু ইংৰাজীত পৃথকে পৃথকে এটা কবিতা শ্বেয়াৰ কৰে মমতা বেনাৰ্জীয়ে ৷ কবিতাটোৰ জৰিয়তে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মতপ্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সাম্প্ৰদায়িকতাৰ ৰঙত বিশ্বাস নকৰা বুলি কৈ নিজকে বংগৰ নৱজাগৰণৰ সেৱিকা বুলি পৰিচয় দিয়ে দিদিয়ে ৷
পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত অৰ্থৱহ কবিতাটো শ্বেয়াৰ কৰাৰ পাছতেই লাভ কৰিছে সৰৱ চৰ্চা ৷