ETV Bharat / bharat

পশ্চিমবংগঃ ভাটপাৰাৰ পিছত এইবাৰ দূৰ্গাপুৰত ওলাল ক্ৰূড বোমা

author img

By

Published : Jun 25, 2019, 1:31 PM IST

নিৰ্বাচনৰ পূৰ্বৰ দৰেই নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত পশ্চিমবংগত অব্যাহত আছে হিংসাত্মক ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যখনৰ ভাটপাৰাত আৰক্ষীয়ে 60টা বোমা উদ্ধাৰ কৰাৰ পিচত এইবাৰ দূৰ্গাপুৰৰ পৰাও উদ্ধাৰ কৰিছে বহুসংখ্যক শক্তিশালী ক্ৰুড বোমা ৷

ক্ৰূড বোমা

নিউজ ডেস্ক, 25 জুুনঃ আইন-শৃংখলাৰ চূড়ান্ত অৱনতি ঘটিছে চুবুৰীয়া পশ্চিমবংগত ৷ শেহতীয়াকৈ ৰাজ্যখনত ব্যাপক হাৰে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক ঘটনা ৷

পুনৰবাৰ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰাজ্যখনৰ দূৰ্গাপুৰ অঞ্চল ৷ আৰক্ষীৰ বিশেষ শাখাই লাভ কৰা তথ্যৰ ভিত্তিত স্থানীয় শান্তি নগৰৰ এটি নিৰ্মীয়মান অট্টালিকাৰ পৰা উদ্ধাৰ হয় 18টাকৈ শক্তিশালী ক্ৰূড বোমা ৷ ঘৰটোৰ ভিতৰত থকা দুটা ড্ৰামৰ ভিতৰত লুকাই থোৱা অৱস্থাত উদ্ধাৰ হয় বোমাকেইটা ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ বোমা নিয়ন্ত্ৰণ গোটে এক পৰিত্যক্ত অঞ্চলত কোনো হানি-বিঘিনি নোহোৱাকৈ বোমাকেইটা নিষ্ক্ৰিয় কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈ কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে ৷

পশ্চিমবংগঃ ভাটপাৰাৰ পিছত এইবাৰ দূৰ্গাপুৰত ওলাল ক্ৰূড বোমা

উল্লেখ্য যে, বিগত 20 জুনত টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিচতে আৰক্ষীয়ে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছিল ষাঠীটাকৈ ক্ৰুড বোমা ৷ ভাটপাৰাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ বিপৰীতে বহুসংখ্যক লোক আহত হৈছিল আৰু আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ পশ্চিমবংগ আৰক্ষীয়ে সান্ধ্য আইন জাৰি কৰিছিল ৷

Intro:Body:

Durgapur Crude Bomb

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.