নাগালেণ্ড, 1 জুলাইঃ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডক আগন্তুক ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা কৰা হৈছে ৷ ৰাজ্যখনত বলবৎ কৰা হৈছে AFSPA আইন ৷
আগন্তুক ডিচেম্বৰলৈ বলবৎ থাকিব এই আইন ৷ ৰাজ্যখনত বৃদ্ধি পোৱা হিংসাত্মক ঘটনাবোৰক কেন্দ্ৰ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ৰাজ্যখনত শান্তি-শংখলা বজাই ৰখাৰ উদ্দেশ্যৰে বলবৎ কৰা হৈছে এই আইন ৷ গৃহ বিভাগৰ যুটীয়া সচিবৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ এই তথ্য ৷