ETV Bharat / bharat

'অতি শোচনীয়'ৰ পৰা 'গুৰুতৰ' পৰ্যায়লৈ অৱনমিত দিল্লীৰ বায়ুৰ গুণমান সূচক

চি পি চি বিৰ তথ্য অনুসৰি, দিল্লীত পুৱা 8 বজাত ৰেকৰ্ড কৰা এ কিউ আই আছিল 420, যিটো গুৰুতৰ হিচাপে ধৰা হয় ।

Delhi Pollution
'গুৰুতৰ' পৰ্যায়লৈ অৱনমিত দিল্লীৰ বায়ুৰ গুণমান সূচক (ANI)
author img

By ANI

Published : Nov 23, 2024, 11:15 AM IST

নতুন দিল্লী : ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত বাস কৰা লোকসকলৰ বাবে এক বেয়া খবৰ । শনিবাৰে চহৰখনত বায়ু গুণমান সূচক (এ কিউ আই) পুনৰ 'গুৰুতৰ' শ্ৰেণীত উপনীত হয় । যাৰ ফলত ধোঁৱা আৰু কুঁৱলীৰ এক ডাঠ আৱৰণ লৈ দিল্লীবাসীয়ে শনিবাৰে পুৱা বিছনা এৰিবলগা হয় ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চি পি চি বি) তথ্য অনুসৰি, দিল্লীত পুৱা ৮ বজাত ৰেকৰ্ড কৰা এ কিউ আই আছিল 420 । আনন্দ বিহাৰত এ কিউ আই 457 হিচাপে ৰেকৰ্ড কৰা হয় । আনহাতে, চি পি চি বিৰ তথ্য অনুসৰি, শনিবাৰে পুৱা 8 বজাত অশোক বিহাৰত 455, চান্দনী চ'কত 439 আৰু আৰ কে পুৰমত এ কিউ আই 421 ৰেকৰ্ড কৰা হৈছে, যিটো 'গুৰুতৰ' শ্ৰেণীত পৰে ।

উল্লেখ্য যে 0-50ৰ মাজত থকা এ কিউ আই ভাল বুলি গণ্য কৰা হয়, 51-100 সন্তোষজনক, 101-200 মধ্যমীয়া, 201-300 শোচনীয়, 301-400 অতি শোচনীয় আৰু 401-500ৰ এ কিউ আই গুৰুতৰ হিচাপে ধৰা হয় । ইয়াৰ ওপৰত হ'লে ইয়াক গুৰুততকৈ অধিক বুলি গণ্য কৰা হয় ।

ইফালে দৃশ্যমানতাৰ সমস্যাৰ বাবে ৰাজধানীত ৰে'লৰ চলাচলত বিলম্ব হৈ পৰিছে । শাবি (কানপুৰৰ পৰা নতুন দিল্লীলৈ) ৩৯ মিনিট, আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা দানাপুৰলৈ জনসাৰ্ধন এক্সপ্ৰেছ ৬৬১ মিনিট, হজৰত নিজামুদ্দিন হামচফৰ এক্সপ্ৰেছ ১১০ মিনিট, পুৰণি দিল্লীৰ পৰা জয়ছেলমাৰলৈ ৰুনিচা এক্সপ্ৰেছ ২৪ মিনিট পলমকৈ চলে ।

উল্লেখ্য যে শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ৰেকৰ্ড কৰা এ কিউ আই আছিল 371 আৰু চি পি চি বিৰ তথ্য অনুসৰি এইটো 'অতি শোচনীয়' শ্ৰেণীত আছিল । ইয়াৰ পূৰ্বে শুকুৰবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে দিল্লীত পঞ্জীয়নকৃত বিএছ-আইভি আৰু ডিজেলচালিত মজলীয়া সামগ্ৰী বাহন (এম জি ভি) আৰু গধুৰ সামগ্ৰী বাহনৰ (এইচ জি ভি) চলাচলৰ ওপৰত নিষেধাজ্ঞা প্ৰয়োগ কৰা গ্ৰেডেড ৰেছপন্স একচন প্লেনৰ (জি আৰ এপি) চতুৰ্থ পৰ্যায়ৰ কাৰ্যকৰীকৰণ পৰ্যালোচনা কৰিবলৈ নাৰেলা-সিংগু সীমান্ত পৰিদৰ্শন কৰে ।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি গোপাল ৰায়ে চহৰখনত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে আপ চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে । "দিল্লীত প্ৰদূষণৰ স্তৰ হ্ৰাস কৰিবলৈ আপ চৰকাৰে নিৰন্তৰ কাম কৰি আছে । প্ৰদূষণ সৃষ্টি কৰা বাহনবোৰৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে, কিয়নো গ্ৰেপ 4 কাৰ্যকৰী কৰা হৈছে । আজি আমি কেইবাটাও অভিযোগ পাইছো যে সঠিক পৰীক্ষা নকৰাকৈ বাহনসমূহক দিল্লীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে; সেয়েহে মই ইয়াত তাৰ পৰীক্ষা কৰিবলৈ আহিছো ।" গোপাল ৰায়ে কয় ।

উল্লেখ্য, দিল্লীয়ে বিগত কেইবা সপ্তাহ ধৰি শোচনীয়া বায়ুৰ গুণমান আৰু ডাঠ ধোঁৱাৰ সৈতে যুঁজি আছে ।

লগতে পঢ়ক :প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা; চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰা কৰিব লাগিব কাম
লগতে পঢ়ক :জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব: দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত চিকিৎসকৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.