ETV Bharat / bharat

ভাৰতীয় বায়ু সেনা প্ৰধানৰ সৈতে ফ্ৰান্সৰ প্ৰতিনিধিৰ বৈঠক

author img

By

Published : Feb 5, 2021, 12:16 PM IST

Updated : Feb 5, 2021, 2:27 PM IST

ভাৰতীয় বায়ু সেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আৰ.কে.এচ ভাদোৰিয়াই শুকুৰবাৰে বাংগালুৰুত এৰো ইণ্ডিয়া 2021 শীৰ্ষক এখন বৈঠকত মিলিত হয় ৷ বৈঠকত তাজিকিস্তান আৰু বাংলাদেশৰ লগতে ফ্ৰান্সৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰে বায়ু সেনা প্ৰধান গৰাকীয়ে ৷

ভাৰতীয় বায়ু সেনাৰ প্ৰধানৰ সৈতে ফ্ৰান্সৰ প্ৰতিনিধিৰ বৈঠক

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী: শুকুৰবাৰে ভাৰতীয় বায়ু সেনা প্ৰধান মাৰ্শ্বেল আৰ.কে.এচ ভাদোৰিয়াই তাজিকিস্তান আৰু বাংলাদেশৰ লগতে ফ্ৰান্সৰ প্ৰতিনিধিৰ সৈতে বাংগালুৰুত এৰো ইণ্ডিয়া 2021 শীৰ্ষক এখন বৈঠকত মিলিত হয় ৷

ভাদৌৰিয়াই এক টুইট যোগে জনোৱা মতে,তাজিকিস্তানৰ বায়ু সেনা আৰু বায়ু প্ৰতিৰক্ষা বাহিনীৰ লেফটেনেন্ট জেনেৰেল চাফাৰালিজোডা ৰাহমনালীৰ সৈতে বৈঠকত মিলিত হৈ দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্কে আলোচনা কৰাৰ লগতে বাংলাদেশৰ বায়ু সেনা প্ৰধানৰ সৈতে আলোচনাত মিলিত হৈ দুয়োখন দেশৰ মাজত বন্ধুত্বৰ প্ৰতিফলন হোৱা বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে,ভাৰতীয় বায়ু সেনাৰ প্ৰধান মাৰ্শ্বেল আৰ.কে.এচ ভাদৌৰিয়াই ফ্ৰান্সৰ প্ৰতিনিধিসকলৰ লগতো এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ প্ৰতিৰক্ষা সহযোগিতাৰ বাবে কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে ৷ এৰো ইণ্ডিয়া 21ৰ জৰিয়তে ফ্ৰান্সৰ প্ৰতিৰক্ষা বিভাগৰ আভ্যন্তৰীণ উন্নয়ন আৰু জেনেৰেল থিয়ৰি কাৰ্লিয়াৰ যোগেদি দুয়োখন দেশে প্ৰতিৰক্ষা বিভাগ সবল কৰাৰ বাবে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইয়াৰ লগতে 3ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ বাংগালুৰুৰ য়েলাহাংকা বায়ু সেনা ষ্টেচনত অনুষ্ঠিত হোৱা এৰো ইণ্ডিয়া 21ৰ প্ৰতিনিধি সভাত ভাৰতীয় বায়ু সেনা প্ৰধান মাৰ্শ্বেল আৰ.কে.এচ ভাদোৰিয়াই চুদানৰ বায়ু সেনাৰ চিডিআৰ লেফটেনেণ্ট জেনেৰেল ইচ্চামেলদিন চেইড কোকো আবডাল ৰহমানৰ সৈতে বৈঠকত মিলিত হৈ সহযোগিতা আৰু প্ৰশিক্ষণ প্ৰণালী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে ৷

লগতে পঢ়ক:দক্ষিণ আফ্ৰিকাক চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস মোদীৰ

Last Updated : Feb 5, 2021, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.