ETV Bharat / bharat

এৰো ইণ্ডিয়া হ'ব বিলিয়ন সুযোগৰ পথ : ৰাজনাথ সিং

author img

By

Published : Jan 29, 2021, 4:41 PM IST

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটযোগে জনোৱা মতে বিলিয়ন সুযোগ সন্ধানৰ বাবে এইবাৰ এৰো ইণ্ডিয়া আয়োজন কৰা হ'ব । প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা সূৰ্য্য কিৰণ বিমান আৰু চাৰাং হেলিকপ্টাৰৰ প্ৰদৰ্শন এইবাৰৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব ।

এৰো ইণ্ডিয়া হ'ব বিলিয়ন সুযোগৰ পথ : ৰাজনাথ সিং
এৰো ইণ্ডিয়া হ'ব বিলিয়ন সুযোগৰ পথ : ৰাজনাথ সিং

নিউজ ডেস্ক , ২৯ জানুৱাৰী : অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব 'এৰো ইণ্ডিয়া-২০২১' । এই কাৰ্যসূচী এইবাৰ অনুষ্ঠিত হ'ব বেঙ্গালুৰুৰ বায়ু সেনা বাহিনীৰ ষ্টেচনত । প্ৰতিৰক্ষা আৰু এয়াৰোস্পেছ কোম্পানীবোৰে তেওঁলোকৰ সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰিবলৈ এক মঞ্চ প্ৰদান কৰিবলৈ আয়োজিত এই অনুষ্ঠানৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এটা বিশেষ টুইট । টুইটটোৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ জৰিয়তে বহু সুযোগ লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে । 'ৰানৱেৰ পৰা বিলিয়ন সুযোগ' বুলি টুইট কৰি তেওঁ কয় যে এই অনুষ্ঠান সকলোতকৈ পৃথক আৰু ইয়াৰ জৰিয়তে বহুতো সুযোগ সন্ধানৰ বাবে ইয়াক আয়োজন কৰা হৈছে ।

উল্লেখ যে এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্ঠানটো বিশেষ ধৰণে আয়োজন কৰা হৈছে য'ত প্ৰতিনিধিসকলে শাৰীৰিকভাৱে উপস্থিত থকাৰ লগতে ভাৰ্চুৱেলীও অংশ ল'ব পাৰিব । লগতে ১৩ সংখ্য়ক এৰো ইণ্ডিয়া-২০২১ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলৰ ক'ভিড নিগেটিভ ৰিপ'ৰ্ট থকাটো বাধ্য়তামূলক ।

ইফালে আয়োজকসকলৰ মতে ডাকোটা , এছইউ ৩০ এম.কে.আইকে ধৰি ৪১ খন বিমানৰ প্ৰদৰ্শন কৰা হ'ব উদ্বোধনী কাৰ্যসূচীত । লগতে অনুষ্ঠানত স্থিৰ প্ৰদৰ্শনত ৬৩ খন বিমান থাকিব। অনুষ্ঠানত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা সূৰ্য্য কিৰণ বিমান আৰু চাৰাং হেলিকপ্টাৰৰ প্ৰদৰ্শন এইবাৰৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব ।

লগতে পঢ়ক : ক্ৰমাৎ সুস্থ লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.