ETV Bharat / bharat

লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীক ৰাম মন্দিৰ ভূমি পূজনলৈ আমন্ত্ৰণ - শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাস

প্ৰস্তাৱিত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানলৈ লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ দৰে নেতাক আমন্ত্ৰণ নকৰা বিষয়ক লৈ সৃষ্টি হোৱা সকলো ভ্ৰান্তি অৱসান কৰি শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে দুয়োগৰাকী নেতাকে ভূমি পূজনলৈ আমন্ত্ৰণ কৰা হৈছে বুলি স্পষ্টীকৰণ প্ৰকাশ কৰে ৷

author img

By

Published : Aug 2, 2020, 7:59 PM IST

নিউজ ডেস্ক, 2 আগষ্ট : শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ দায়িত্ববাহী বিষয়া প্ৰকাশ কুমাৰ গুপ্তাই ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীক ভূমি পূজনলৈ আমন্ত্ৰণ জনাইছে ৷ ৰাম মন্দিৰ আন্দোলনৰ সক্ৰিয় দুয়োগৰাকী নেতাক ভূমি পূজনলৈ আমন্ত্ৰণ নকৰা বুলি শেহতীয়াকৈ সংবাদমাধ্যমত প্ৰকাশ পাইছিল ৷ এই তথ্য অস্বীকাৰ কৰি গুপ্তাই 5 আগষ্টৰ ভূমি পূজন অনুষ্ঠানত দুয়োগৰাকী শীৰ্ষ নেতাই উপস্থিত থাকিব বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক : অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত হস্তান্তৰ

প্ৰকাশ কুমাৰ গুপ্তাই প্ৰকাশ কৰা অনুসৰি, দুয়োগৰাকী শীৰ্ষ নেতাকে ভূমি পূজনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে ৷ টেলিফোন আৰু মেইলযোগে দুয়োগৰাকী নেতাক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ অৱশ্যে কোভিড-19 মহামাৰীৰ বাবেই বহুটো আমন্ত্ৰণকাৰী হয়টো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে ৷ কিন্তু প্ৰায় 200 বিশিষ্ট লোক এই অনুষ্ঠানত উপস্থিত থাকিব বুলি গুপ্তাই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৰাম মন্দিৰ ভূমিপূজন : উৎসৱ সম্পৰ্কত জানিব লগা বহু কথা

5 আগষ্টৰ ভূমি পূজনৰ বাবে সকলো প্ৰস্তুতি তুংগত হৈ উঠিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 22.5 কিলোগ্ৰাম ওজনৰ এক বিশেষ ৰূপৰ ইটা সংস্থাপন কৰি ভূমি পূজনৰ কাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৷

লগতে পঢ়ক : ৰাম মন্দিৰ ভূমি পূজনত মোডীৰ বাবে প্ৰস্তুত বিশেষ "গামোচা"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.