প্ৰফেছৰ বালামোহন দাস
আধুনিক পৃথিৱীৰ বহু নেতাই মহাত্মা গান্ধীতকৈও উত্তম তাত্বিক চিন্তা এৰি গৈছে কিন্তু খুব কমেইহে তেওঁৰ দৰে পৰিবৰ্তনকাৰী আৰু কালজয়ী চাপ এৰি যাবলৈ সক্ষম হৈছে ৷ মোহন দাস কৰমচাঁদ গান্ধীজীয়ে হিংসাৰ ব্যৱহাৰ নকৰাকৈয়ে উপনৈৱেশিক ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ যুদ্ধ জয় কৰিছিল ৷ তেওঁ জনতাক উদ্বুদ্ধ কৰাৰ, অনু্প্ৰাণিত কৰাৰ কেতবোৰ বিৱৰ্তনকাৰী এনে শৈলী উদ্ভাৱন কৰিছিল ৷ যাৰ জৰিয়তে ভাৰতীয় উপ-মহাদেশৰ সাধাৰণ মানুহকো তেওঁ অসাধাৰণৰ পৰ্যায়লৈ উন্নীত কৰিছিল ৷ তেওঁ ছক্ৰেটিছৰ দৰে বিদ্বান, বুদ্ধৰ দৰে মানৱীয়, লেনিনৰ দৰে জনপ্ৰিয় আছিল ৷ তেওঁ দুৰ্দান্ত কৌশলী আৰু আদৰ্শবান নেতা আছিল ৷ তেওঁ ৰক্তপাত নোহোৱাকৈয়ে সংগ্ৰামৰ দৃষ্টিভংগীক আগুৱাই নিছিল আৰু ভাৰতৰ বাবে স্বাধীনতা জিনিছিল ৷ জনতাৰ সৈতে যোগাযোগৰ ক্ষমতা তেওঁৰ সঁচাকৈয়ে অপূৰ্ব আছিল - তেওঁৰ সকলো কথাই জনতাৰ মাজত জনপ্ৰিয় হৈছিল ৷ আদৰ্শৱান চিন্তা, বাকমাধূৰ্য্যতাৰ জৰিয়তেই তেওঁ ভাৰতীয়ৰ মনত নিগাজিকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷
ব্যষ্টিবাদী তথা সমষ্টিবাদী পৰ্যায়ত সংঘাতে এক প্ৰতিকূল পৰিবেশৰ সৃষ্টি কৰে :
ব্যক্তিগত,বৰ্ণ,শ্ৰেণী,জাত,ৰাজনীতি,আঞ্চলিক,ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সকলো পৰ্যায়তে সংঘাতে ক্ৰিয়া কৰে ৷ সংঘাতক মানুহৰ এক সাধাৰণ বৈশিষ্ট্য বুলিয়ে কোৱা হয় ৷ উচ্চমন্যতা,অন্যায়,সংশয়,অবিশ্বাস ইত্যাদিয়ে ক্ৰিয়া কৰিয়ে সংঘাতৰ সৃষ্টি কৰে ৷ গান্ধীবাদী আদৰ্শক মানুহে পাহৰি যোৱাৰ পৰাই সমাজত সংঘাত তীব্ৰতৰ হৈ উঠিছে ৷ গান্ধীবাদী শান্তিময় সহাৱস্থানৰ কথা আজিৰ বিশ্বত অৱহেলা কৰা হৈছে ৷ মানুহে যিমানেই শিক্ষিত হৈছে , সিমানেই মূৰ্খও হৈছে ৷ আজিৰ পৃথিৱীত মানুহে নিজকে নিজক ধ্বংস কৰাত নিমজ্জিত হৈছে ৷
বিংশ শতিকাৰ প্ৰথম অৱস্থাৰ পৰাই পৃথিৱীত হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ দ্বিতীয় বিশ্বযুদ্ধত 1945 চনৰ আগষ্ট মাহত জাপানৰ হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটোৱাৰ পৃথিৱীত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ৷ পাৰমাণৱিক শক্তিৰে উপচি থকা সাম্প্ৰতিক বিশ্বত এখন ভয়ংকৰ তৃতীয় বিশ্বযুদ্ধৰ আশংকা কৰি থকা হৈছে ৷ 1947 চনতেই আইনষ্টাইনে কৈছিল - ‘‘ তৃতীয় বিশ্বযুদ্ধৰ অস্ত্ৰ কি হ'ব মই নাজানোঁ কিন্তু চতুৰ্থ বিশ্বযুদ্ধ লাঠী আৰু শিলেৰে সংঘটিত হ'ব ’’ ৷ উল্লেখযোগ্য যে ,প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত 50 মিলিয়নতকৈও অধিক লোকৰ মৃত্যু হৈছিল ৷ বৰ্তমান বিশ্বজুৰি 40ৰো অধিক সক্ৰিয় বিৰোধ চলি আছে ৷ আনকি ঘৰুৱা হিংসাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ আমি হিংসাৰ ছাঁয়াদত বাস কৰি আছোঁ আৰু এই পৃথিৱীত কোনো জীৱই সুৰক্ষিত নহয় ৷ বিশ্বৰ সমগ্ৰ দেশৰ সামৰিক ব্যয়ৰ পৰিমাণ হৈছে 1822 মাৰ্কিন ডলাৰ ৷ আনকি ভাৰতে 66.5 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগেৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ, চীন আৰু চৌদি আৰৱৰ পাচতেই চতুৰ্থ স্থান লাভ কৰিছে ৷ ভাৰতত প্ৰায় 15 লাখ সক্ৰিয় সামৰিক কৰ্মী থকাৰ বিপৰীতে চীনৰ সামৰিক কৰ্মীৰ সংখ্যা হৈছে 21 লাখ ৷ দেশ সমূহে অৰ্থনৈতিক উন্নয়নৰ বাবে যিমান ব্যয় কৰে তাৰ 20 গুণ অধিক ব্যয় কৰে জাতীয় সুৰক্ষাৰ বাবে সামৰিক ক্ষেত্ৰত ৷
বিশ্বৰ ছয়টা সামৰিক শক্তিৰ দ্বাৰা প্ৰায় 70 শতাংশ ব্যয় হৈ আহিছে, আনহাতে 15 শতাংশ ঔদ্যোগিক দেশ আৰু বাকী 15 শতাংশ উন্নয়নশীল দেশ সমূহৰ দ্বাৰা ব্যয় হয়৷ জাতীয় সুৰক্ষা, সামৰিক উদ্দেশ্য আৰু সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ বাবে সমগ্ৰ বিশ্বৰ স্বাস্থ্য, শিক্ষা, আৱাস আদিৰ দৰে প্ৰয়োজনীয় বিষয়ৰ অগ্ৰগতি মূল্যৱান মানৱসম্পদৰ বিৱৰ্তন স্তিমিত হৈ পৰিছে ৷ বিশ্বৰ পাৰমাণৱিক সশস্ত্ৰ দেশ সমূহৰ প্ৰায় 14,000 পাৰমাণৱিক যুদ্ধৰ 90 শতাংশ ৰাছিয়া আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ ব্যয় কৰে ৷ ভাৰতৰ প্ৰায় 160 খন পাৰমাণৱিক যুদ্ধ ভিতৰত প্ৰায় 140 খনেই পাকিস্তানৰ বিৰুদ্ধে তালিকাভুক্ত হৈছে ৷ চীন, ভাৰত আৰু পাকিস্তানে নতুন পাৰমাণৱিক ক্ষেপণাস্ত্ৰ, ক্ৰুজ মিছাইল আৰু সামুদ্ৰিক পাৰমাণৱিক অস্ত্ৰ সৰবৰাহ ব্যৱস্থা অনুসৰণ কৰিছে ৷ ইয়াৰ বাহিৰেও অসামৰিক লোক সকলেও নিজৰ সুৰক্ষাৰ বাবে অস্ত্ৰ ধাৰণ কৰিব লগীয়া হৈছে ৷ বিশ্বৰ এক বিলিয়ন অস্ত্ৰ প্ৰায় 85 শতাংশ লোকৰ হাতত আছে ৷ সৰ্বাধিক অসামৰিক অস্ত্ৰ আছে আমেৰিকা, জাৰ্মানী, তুৰষ্ক, ৰাছিয়া, ব্ৰাজিল আৰু ভাৰতত আছে ৷
গান্ধীজীয়ে সংঘাতৰ সমাধান আৰু বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে লক্ষ লক্ষ মানুহক একত্ৰিত কৰাৰ পৰামশৰ্ প্ৰদান কৰিছিল ৷ তেখেতৰ মতে, শান্তি অনুপস্থিতি সামাজিক, জাতীয় আৰু আন্তৰ্জাতিক ক্ষেত্ৰৰ উত্তেজনা কাৰক ৷ শান্তি মানুহক সহনশীল কৰাৰ একমাত্ৰ শক্তি ৷ যুদ্ধ হৈছে বিভাজনৰ এক শক্তি, যি শান্তিৰ ক্ষেত্ৰত কোনো অৱদান আগ নবঢ়াই ৷ আহক আমি বাপুৰ ডেৰস বছৰীয়া জন্ম জয়ন্তীত তেখেতৰ আদৰ্শক শ্ৰদ্ধা জনাওঁ ৷